thumbnail

Shaheed Kanaklata Barua:শ্বহীদ কনকলতা বৰুৱাৰ স্মৃতি দিৱস পালন

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 3:05 PM IST

মাজুলী, ২০ ছেপ্টেম্বৰ: মাজুলী লেখিকা সমাৰোহৰ উদ্যোগত আউনিআটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বুধবাৰে শ্বহীদ কনকলতা বৰুৱাৰ স্মৃতি দিৱস উদযাপন কৰা হয় । শ্বহীদ কনকলতা বৰুৱাৰ স্মৃতি দিৱসৰ লগত সংহতি ৰাখি বাটৰ নাট প্ৰদৰ্শন কৰে । কমলাবাৰী চাৰিআলিৰ পৰা সমদল কৰি মাজুলী থানা (প্ৰতীকি ৰূপত গহপুৰ থানা) ঘেৰাও কৰি প্ৰদৰ্শন কৰে বাটৰ নাট ।  

শ্বহীদ কনকলতা বৰুৱাৰ স্মৃতি দিৱস কাৰ্যসূচীত মাজুলীৰ ভিন্ন সংগঠনৰ লোকে অংশগ্ৰহণ কৰে । ইপিনে,এই কাৰ্যত সহযোগিতা আগবঢ়োৱা বাবে মাজুলী জিলা লেখিকা সমাৰোহে আউনিআটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্র- ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অধ্যক্ষক ধন্যবাদ জ্ঞাপন কৰে । মাজুলী জিলা আয়ুক্তগৰাকীৰ লগতে আৰক্ষী অধীক্ষকগৰাকীক তেওঁলোকৰ এই কাৰ্যসূচীত মাজুলী থানাখন ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়াৰ বাবে মাজুলী জিলা লেখিকা সমাৰোহে ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক:Tense situation in Tezour: তেজপুৰত চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে প্ৰসূতিৰ মৃত্যু ! আটক চিকিৎসক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.