thumbnail

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 6:42 PM IST

ETV Bharat / Videos

শীতৰ মাজতে খোৱাঙত প্ৰচণ্ড শিলাবৃষ্টি ; শস্যভূমিৰ বিস্তৰ ক্ষতিসাধন

ডিব্ৰুগড়, 13 ডিচেম্বৰ : বুধবাৰে বিয়লি হঠাৎ অহা এজাক প্ৰচণ্ড শিলাবৃষ্টিয়ে ডিব্ৰুগড়ৰ খোৱাঙত অভাৱনীয় পৰিবেশৰ সৃষ্টি কৰে ৷ ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত খোৱাং কাৱৈমাৰী, চেনীমাৰী, চেৰেপাখাটী, গৰৈমাৰীকে ধৰি প্ৰায় দহখন গাঁৱত এই শিলাবৃষ্টিয়ে কম-বেছি পৰিমাণে ক্ষতিসাধন কৰে ৷

বিয়লি অহা এই শিলাবৃষ্টিৰ ফলত বহু লোকৰ বাসগৃহৰ ক্ষতিসাধন হোৱাৰ লগতে বৃহত্তৰ অঞ্চলটোত ধান, মাহ, সৰিয়হকে ধৰি বহু ৰবি শস্যৰ অনিষ্ট হয় ৷ বহু পৰিয়ালৰ ঘৰৰ টিনপাত শিলে ফুটাই পেলোৱাত পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷  

ইফালে আবেলিৰ পৰা সন্ধিয়া পৰ্যন্ত দিয়া এই শিলাবৃষ্টিয়ে বহুতকে আনন্দও দিয়ে ৷ খোৱাং মহাবিদ্যালয়ত পৰীক্ষা শেষ কৰি বহু ছাত্ৰ-ছাত্ৰীয়ে আমেজ ল'লে শীতৰ সন্ধিয়া বৰফৰ আচ্ছাদনৰ ৷ মহাবিদ্যালয়ৰ খেলপথাৰলৈ বহু ছাত্ৰ-ছাত্ৰী ওলাই আহি চেলফি তোলাত ব্যস্ত ৷ শিলাবৃষ্টিৰ পাছতে তীব্ৰ শীত নামি আহিছে অঞ্চলটোলৈ ৷

লগতে পঢ়ক : জলসিঞ্চন ব্যৱস্থাৰ পৰা আজিও বঞ্চিত ৰাজ্যৰ চাহ বাগিচাসমূহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.