Road Accident: মৰিয়নী-নাগালেণ্ড পথত ভয়াৱহ পথ দুৰ্ঘটনা; অতি কমেও সাতজনৰ মৃত্যুৰ আশংকা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 2:24 PM IST

যোৰহাট, 20 ছেপ্টেম্বৰ : মৰিয়নী-নাগালেণ্ড পথত বুধবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ এখন ট্ৰাক আৰু যাত্ৰীবাহী টাটা চু'মৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা ৷  

এই শোকাৱহ দুৰ্ঘটনাত যাত্ৰীবাহী টাটা চু'মত থকা অতিকমেও 7 জন যাত্ৰী থিতাতে নিহত হোৱা বুলি সন্দেহ কৰা হৈছে ৷ ভয়াৱহ দুৰ্ঘটনাটোত প্ৰায় 200 ফুট তললৈ বাগৰি পৰে দুয়োখন বাহন ৷ নিশাৰ ভাগৰ পৰা হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে ৷ নাগালেণ্ডৰ জোনোপোটৰ পৰা আগ্নাটো যোৱাৰ পথত এই দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ৷

মালবাহী ট্ৰাকৰ চালক আৰু হেণ্ডিমেনৰ অৱস্থা সংকটজন বুলি খবৰ পোৱা গৈছে ৷ আনহাতে নাগালেণ্ড-মৰিয়নী পথত সংঘটিত হোৱা দুৰ্ঘটনাই সৃষ্টি কৰিছে এক শোকাকুল পৰিৱেশ ৷ নিজৰ আত্মীয়- স্বজনক হেৰুৱাই ঘটনাস্থলীত সৃষ্টি হৈছে শোকাকূল পৰিৱেশৰ ৷ 

লগতে পঢ়ক : Laborer died in coal mine: টিৰাপ চালিৰ অবৈধ কয়লাখনিত পুনৰ দুগৰাকীকৈ শ্ৰমিকৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.