HSLC examination 2023: জোনাইৰ ৭ টা পৰীক্ষা কেন্দ্ৰত আৰম্ভ এইবাৰৰ HSLC - হাইস্কুল শিক্ষান্ত পৰীক্ষা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 3, 2023, 12:57 PM IST

জোনাই, ৩ মাৰ্চ : সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত প্ৰায় ৭ টা পৰীক্ষা কেন্দ্ৰত আজিৰ পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা (Seven examination centers set up at Jonai for HSLC examination 2023) ৷ ইয়াৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত ১৬ খন বিদ্যালয়ৰ মুঠ ৭২৬ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছে পৰীক্ষাত ৷

পুৱা ৮ বজাৰ পৰা পৰীক্ষাৰ্থী আৰু হাজাৰ হাজাৰ অভিভাৱক-আত্মীয়ই ভিৰ কৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ প্ৰাংগণত (HSLC examination 2023) ৷ ইফালে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত পৰ্যাপ্ত আৰক্ষী মোতায়েন কৰি উপযুক্ত নিৰাপত্তা প্ৰদান নকৰাত পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ সময়ত ঠেলা হেঁচা কৰি সোমাই অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰা পৰিলক্ষিত হয় (people gathering in front of HSLC examination centers)৷

এনেদৰে শিক্ষাৰ্থীসকলে নিয়ম ভংগ কৰি পৰীক্ষা গৃহত প্ৰৱেশ কৰি যদি কোনোধৰণৰ অসৎ উপায় অৱলম্বন কৰাৰ চেষ্টা কৰে, তেন্তে তেনে শিক্ষাৰ্থীক তিনি বছৰৰ বাবে নিলম্বন কৰা হ’ব বুলি ঘোষণা কৰে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে ৷

লগতে পঢ়ক : HSLC examination starting today : মুঠ ৪,২২,১৭৪ প্ৰাৰ্থী অৱতীৰ্ণ হ'ব এইবাৰৰ মেট্ৰিক পৰীক্ষাত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.