Accused Arrested for Attacking Police : চাৰিদুৱাৰ আৰক্ষীক আক্ৰমণ কৰা সাত অভিযুক্তক গ্ৰেপ্তাৰ - শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানা
🎬 Watch Now: Feature Video
ৰঙাপৰা, 2 আগষ্ট : শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাত কৰ্মৰত দুজন আৰক্ষী বিষয়াক আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত 7 অভিযুক্তক অৱশেষত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ তথ্য অনুসৰি 31 জুলাইত চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত গুদামঘাতৰ আমনি চেণ্টাৰত চাৰিদুৱাৰ আৰক্ষী থানাৰ বিষয়া হেমেন দাস আৰু যান-বাহন শাখাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীনেশ ডেকাই এটা গোচৰৰ তদন্ত কৰিবলৈ যোৱাৰ সময়ত একাংশ লোকে হঠাৎ আক্ৰমণ চলাইছিল ৷
ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল দুয়োজন আৰক্ষী বিষয়া ৷ ইফালে ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষী থানাত ৰুজু হোৱা 137/23 আৰু 138/23 নম্বৰৰ গোচৰৰ ভিত্তিত 7 অভিযুক্তক চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷
গ্ৰেপ্তাৰ কৰা লোক কেইজন হ’ল ক্ৰমে আনোৱাৰ হুচেইন ওৰফে আনাৰ, ফজিলা খাতুন, আয়েষা খাতুন, কুৰবান আলী, কাচুম আলী, চামেদ আলী আৰু আব্দুল ৰচিদ ৷ আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱা এই সাত অভিযুক্তক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰিছে চাৰিদুৱাৰ আৰক্ষীয়ে ৷
লগতে পঢ়ক : ED and Income Tax Raid update: চুপাৰি মাফিয়া বাবলুৰ বাসগৃহত আয়কৰ বিভাগৰ আৰু ED ৰ অভিযান