thumbnail

Sensational murder at Sapekhati: কন্যাক ৰক্ষা কৰিবলৈ গৈ দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু পিতৃৰ

By

Published : Dec 24, 2022, 10:36 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

এগৰাকী ব্যক্তিৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে চৰাইদেউৰ সাপেখাতী(Sensational murder at Sapekhati) ৷ নিজ কন্যাক দুৰ্বৃত্তৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ গৈ দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু হ’ল পিতৃৰ ৷ চৰাইদেউৰ সাপেখাতীৰ শালকাঠনী চাহ বাগিচাত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড ৷ উল্লেখ্য যে, শুকুৰবাৰ মাজনিশা বিজয় তন্তবাই নামৰ লোকজনৰ গৃহত কন্যাৰ শুৱনি কোঠাত প্ৰৱেশ কৰিছিল কোনো দুৰ্বৃত্ত ৷ কন্যাই চিঞৰ-বাখৰ কৰাত শোৱাপাটিৰ পৰা উঠি কন্যাক বচাবলৈ আহোতেই দুৰ্বৃত্তই ডিঙিত চোকা অস্ত্ৰৰে উপৰ্যুপৰি ডিঙিত আঘাত কৰে বিজয় তন্তবাইক (Attack by miscreants) ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিজয় তন্তবাইক সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰি উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়াৰ পথতে মৃত্যু হয় ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.