Moran Junio College: মহাবিদ্যালয়ৰ ভিতৰতে ভাং সেৱন কৰি জ্যেষ্ঠ ছাত্ৰৰ কণিষ্ঠ ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ

🎬 Watch Now: Feature Video

thumbnail

মৰাণ, 23 আগষ্ট : উজনি অসমৰ মৰাণৰ আগশাৰীৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান মৰাণ জুনিয়ৰ কলেজত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । জ্যেষ্ঠ ছাত্ৰৰ দলৱদ্ধ আক্ৰমণত আহত হৈছে কণিষ্ঠ ছাত্ৰ-ছাত্ৰী। শিক্ষানুষ্ঠানৰ ভিতৰতে ভাং সেৱন কৰি এনেদৰে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনাত চাৰিগৰাকী ছাত্ৰ-ছাত্ৰী আহত হৈছে ৷

বুধবাৰে ডিব্ৰুগড় জিলাৰ মৰাণত অৱস্থিত মৰাণ জুনিয়ৰ কলেজত সংঘটিত এই ঘটনাৰ পিচতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । আহত ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে শিক্ষানুষ্ঠানখনত উপস্থিত হৈ অধ্যক্ষ প্ৰশান্ত দত্তক জবাবদিহি কৰে ৷ এই ঘটনাৰ খবৰ লাভ কৰি মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও ঘটনাটোক লৈ উত্তেজনা অব্যাহত আছে ৷ 

শিক্ষানুষ্ঠানখনৰ ভিতৰতে ভাং সেৱন কৰি জ্যেষ্ঠ ছাত্ৰই কনিষ্ঠ ছাত্ৰক শ্ৰেণীকোঠাৰ ভিতৰতে মাৰধৰ কৰাৰ পাচতো বিদ্যালয় কৰ্তৃপক্ষই বৰ্তমানলৈকে কোনো তৎপৰতা অৱলম্বন নকৰাত ক্ষুদ্ধ হৈ পৰিছে অভিভাৱকসকল ৷ বৰ্তমান মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ডাঃ সংগীতা শৰ্মা শিক্ষানুষ্ঠানখনত উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে শীঘ্ৰে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অধ্যক্ষক নিৰ্দেশ দিছে ৷ 

ইফালে ঘটনা সন্দৰ্ভত মৰাণ আৰক্ষীয়ে কেইবাগৰাকীও বিদ্যালয়ৰ ছাত্ৰক থানালৈ আনি সোধা-পোছা কৰিছে ৷ উল্লেখ্য যে, মৰাণৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান মৰাণ জুনিয়ৰ কলেজত প্ৰায়েই এনে ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। একাংশ উদণ্ড ছাত্ৰক নিয়ন্ত্ৰণ কৰাত কলেজ কৰ্তৃপক্ষ ব্যৰ্থ হৈছে বুলি অভিভাৱকসকলে অভিযোগ কৰে ।

লগতে পঢ়ক: Guwahati Suicide Case: তেজতকৈ পাল্লা ভাৰী হ’ল সম্পত্তিৰ, কুটুমে নিচিনেলে কুটুমক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.