Section 144 Violation at Kaliabor: বাঘৰ বিচৰণস্থলীত 144 ধাৰা অমান্য; কঠোৰ প্ৰশাসন - বাঘৰ বিচৰণস্থলীত 144 ধাৰা অমান্য
🎬 Watch Now: Feature Video
কলিয়াবৰ, 19 এপ্ৰিল: শিলঘাটৰ কলিয়াবৰ চাহ বাগিচাত ঢেকীয়পতীয়া বাঘ বিচৰণ কৰি থকা অঞ্চলত ১৪৪ ধাৰা অমান্য ৷ আৰক্ষী আৰু বন বিভাগৰ যুটিয়া ব্যস্থা গ্ৰহণৰ পোষকতা (Section 144 Violation at Kaliabor) ৷
বাঘৰ বিচৰণস্থলী কলিয়াবৰ চাহ বগিচাৰ মাজেৰে কামাখ্যা দেৱালয়লৈ যোৱা পথটোত জাৰি কৰা হৈছিল 144 ধাৰা ৷ চাহ বাগিচাৰ কৰ্মসূচীৰ প্ৰতি লক্ষ্য ৰাখি বিয়লি 4 বজাৰ পৰা পিছদিনা পুৱা 9 বজালৈ কলিয়াবৰ মহকুমা প্ৰশাসনে 144 ধাৰা জাৰি কৰিছিল যদিও জনসাধাৰণৰ সচেতনতা পৰিলক্ষিত নহ'ল (Section 144 Imposed at Kaliabor Tea Estate) ৷
144 ধাৰা অমান্য কৰি মটৰ চাইকেল, বাহন লৈ নিতৌ বনৰজাক চাবলৈ অহা অসংখ্য লোকেৰে ভৰি পৰে পথছোৱা ৷ বিগত প্ৰায় দুই মাহে কলিয়াবৰ চাহ বাগিচা অঞ্চলত অব্যাহত আছে ঢেকীয়াপতীয়া বাঘৰ বিচৰণ ৷ ঢেকীয়াপতীয়া বাঘে কামাখ্যা পাহাৰৰ পৰা নামি আহি বিচৰণ কৰিছে বাগিচাত ৷ বাঘ-মানুহৰ সংঘাত নহ'বৰ বাবেই প্ৰশাসনে জাৰি কৰা 144 ধাৰাৰ বলবৎ কৰাৰ বাবে এতিয়া কঠোৰ হৈছে আৰক্ষী আৰু বনবিভাগ (Section 144 Violation at Tiger Moving Area) ৷
লগতে পঢ়ক: Fire Breakout: বৰপেটা অসামৰিক চিকিৎসালয়ত অগ্নিকাণ্ড