চানডুবি মহোৎসৱৰ আজি দ্বিতীয় দিন, লোকে লোকাৰণ্য মহোৎসৱস্থলী - বিধায়ক হেমাংগ ঠাকুৰীয়া
🎬 Watch Now: Feature Video


Published : Jan 2, 2024, 12:18 PM IST
মিৰ্জা, 2 জানুৱাৰী : আপুনিও থলুৱা খাদ্যৰ লগতে জনজাতীয় খাদ্যৰ সোৱাদ ল’ব বিচাৰে নেকি ! তেতিয়া হ’লে আপুনিও যাব লাগিব চানডুবি লৈ ৷ বিগত বৰ্ষৰ দৰে 2024 বৰ্ষৰ প্ৰথম দিনটোৰ পৰাই অৰ্থাৎ সোমবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে চতুৰ্দশ চানডুবি মহোৎসৱ। ৰাভা জনজাতীয় কৃষ্টি-সংস্কৃতিৰ সমাহাৰেৰে মহোৎসৱৰ প্ৰথম দিনা প্ৰাণ পাই উঠিল চানডুবিৰ বাকৰি ।
ইফালে চৰকাৰলৈ অপেক্ষা নকৰি চানডুবিৰ বাকৰিত বিগত 13 টা বছৰ ধৰি চানডুবি মহোৎসৱ উৎযাপন কৰি আহিছে চানডুবিৰ সমীপৱৰ্তী অঞ্চলত বসবাস কৰা লোকসকলে । উল্লেখ্য যে, সোমবাৰৰ পৰা আৰম্ভ হোৱা চতুৰ্দশ বাৰ্ষিক চানডুবি মহোৎসৱৰ শুভাৰম্ভণি কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই ৷ এই মহোৎসৱতে চানডুবিৰ বুকুত নৌকা বিহাৰ, পোৰা গাহৰি, কেঁকোৰা পোৰা, পোৰা মাছৰ লগতে থলুৱা খাদ্যৰ সোৱাদ ল’ব পাৰিব ৰাইজে ৷
আজি মহোৎসৱৰ দ্বিতীয় দিনা ৷ দ্বিতীয় দিনাও সমাগম ঘটিছে বহুতো লোকৰ।
লগতে পঢ়ক : চানডুবি উৎসৱৰ আয়োজনক লৈ উখল মাখল পৰিৱেশ