Durga puja 2023 : মৰাণৰ মানস প্ৰতিমে শিল্প কৰ্মৰ জৰিয়তে দেখুৱাইছে আদৰ্শ - দেৱী প্ৰতিমা নিৰ্মাণ
🎬 Watch Now: Feature Video
Published : Oct 16, 2023, 1:05 PM IST
ডিব্ৰুগড়, 16 অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী । মৃৎ শিল্পীসকলে প্ৰতিমাত হাতৰ শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে । শাৰদীয় এই উখল মাখল সময়চোৱাৰ মাজতে চৰ্চালৈ আহিছে চৰাইদেউ জিলাৰ মৰাণৰ এজন অসমীয়া যুৱক । নাম মানস প্ৰতিম বৰা ৷ চৰাইদেউ জিলাৰ মৰাণ ৰঙালীৰ তৰানী পথাৰৰ যুৱক মানস প্ৰতিম বৰা বৰ্তমান ব্যস্ত হৈ পৰিছে দেৱী প্ৰতিমা নিৰ্মাণ কৰাত ।
ইতিমধ্যে দুখনকৈ পূজা সমিতিৰ বাবে দেৱী প্ৰতিমাৰ অৰ্ডাৰ লাভ কৰিছে যুৱকজনে । যাৰ বাবে যুৱকজনে নিয়মীয়াকৈ নিৰ্মাণ কৰি গৈছে প্ৰতিমা । উল্লেখযোগ্য যে, 4 বছৰ বয়সৰ পৰাই যুৱকজনে এনে ধৰণৰ মূৰ্তি নিৰ্মাণ কৰি আহিছে । শেহতীয়াকৈ যুৱকজনৰ এই সৃষ্টিশীলতাক প্ৰেৰণা দিয়াৰ উদ্দেশ্যে মৰাণ হিংৰীজান পূজা সমিতিয়ে পোন প্ৰথমে ক্ৰয় কৰিছিল দেৱী প্ৰতিমা । ইয়াৰ পিচৰ পৰাই মৃৎ-শিল্পী হিচাপে সকলোৰে মাজত পৰিচিত হৈ পৰিছিল যুৱকজন ।
যুৱকজনে জানিবলৈ দিয়া অনুসৰি, তেওঁৰ এই শিল্পকৰ্মৰ দ্বাৰাই বছৰি ভাল এটা উপাৰ্জন হয় ৷ সেয়ে তেওঁ নৱ-প্ৰজন্মক এই শিল্প কৰ্মৰ প্ৰতি আকৰ্ষিত হ'বলৈ আহ্বান জনায় ।
লগতে পঢ়ক : Durga puja 2023 : 50 বছৰ পুৰণি মা-কালী শিল্পালয়ত দুৰ্গাৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত কোচবিহাৰৰ মৃৎ শিল্পীসকল