Science Fair Program in Udalguri : টংলা মৌগাঁও মিলন উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান মেলা - Agastya International Foundation
🎬 Watch Now: Feature Video


Published : Oct 14, 2023, 8:08 PM IST
ওদালগুৰি, 14 অক্টোবৰ : ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান শিক্ষাক অধিক মনোগ্ৰাহী কৰিবলৈ টংলা মৌগাঁও মিলন উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা হয় বিজ্ঞান মেলা । আগাষ্টিয়া ইন্টাৰনেশ্যনেল ফাউণ্ডেচনৰ উদ্যোগত মৌগাঁও মিলন উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় এই বিজ্ঞান মেলা । উক্ত মেলাত মৌগাঁও মিলন উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে নিজে নিজে প্ৰস্তুত কৰা বিভিন্ন ধৰণ বৈজ্ঞানিক সামগ্ৰীৰ নমুনা প্ৰদৰ্শন কৰে ৷
‘‘বহু পিচপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বৈজ্ঞানিক মানসিকতা বিকাশ কৰাৰ লগতে ভৱিষ্যতে একো একোজন সফল বৈজ্ঞানিক হিচাপে গঢ়ি তোলা, সমাজৰ কু-সংস্কাৰ, অন্ধবিশ্বাস দূৰ কৰি ছাত্ৰ-ছাত্ৰীসকলক বৰ্তমানৰ সমাজখনৰ লগত যাতে খাপ খাব পাৰে তাৰ বাবে এই আগাষ্টিয়া ইন্টাৰনেশ্যনেল ফাউণ্ডেচনে আয়োজন কৰিছে বিজ্ঞান মেলা ৷’’ এই মন্তব্য বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ ৷
লগতে পঢ়ক:Broken bridge over Gerua river: এখন জৰাজীৰ্ণ দলং আৰু ৰাইজৰ বিড়ম্বনা