School matri hold protest in Guwahati:স্কুল মাতৃক নিয়মীয়াকৰণৰ দাবীত চচলত প্ৰতিবাদী কাৰ্যসূচী - school matri hold protest in guwahati

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 5:50 PM IST

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ : স্কুল মাতৃক নিয়মীয়াকৰণৰ দাবী তুলি বুধবাৰে চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে স্কুল মাতৃসকলে । ১০৫০ টকা মাননিৰে যোৱা প্ৰায় ৪২ বছৰে চাকৰি নিয়মীয়াকৰণৰ দাবীৰে সংগ্ৰাম চলাই অহাৰ পিচতো চৰকাৰে তেওঁলোকৰ সমস্যাৰ প্ৰতি তিলমানো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলি বুনিয়াদী বিদ্যালয় মাতৃ এচ’ছিয়েশ্যন অসমে চচলত দুই ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

উল্লেখ্য যে, অসমৰ কণ কণ শিশু সকলৰ ভৱিষ্যত সু-শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকক সু-নাগৰিক হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে অসম চৰকাৰৰ প্ৰাথমিক বিদ্যালয়ত নিয়োগ কৰা ২৭ হাজাৰ স্কুল মাতৃক নিয়মীয়াকৰণৰ সন্দৰ্ভত অসম চৰকাৰৰ সৈতে তেওঁলোক লিখিতভাৱে ১৩ বাৰ আলোচনাত বহিছিল । তাৰোপৰি ২০০৯ চনত সন্থাৰ তৰফৰ পৰা দিল্লীত গৈ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈছিল । ২০১৪ চনত কেন্দ্ৰীয় চৰকাৰে স্কুল মাতৃ সকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগলৈ লিখিত পত্ৰ প্ৰেৰণ কৰাৰ পিচতো আজিলৈ তেওঁলোকৰ চাকৰি নিয়মীয়া নোহোৱাত আক্ষেপ প্ৰকাশ কৰে স্কুল মাতৃসকলে ।

লগতে পঢ়ক : Protest in Guwahati:৩৫০ গৰাকী আদৰণী চালকক নিয়োগৰ দাবীত প্ৰতিবাদ চালকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.