thumbnail

By

Published : Nov 27, 2022, 9:29 AM IST

Updated : Feb 3, 2023, 8:33 PM IST

ETV Bharat / Videos

School Bus accident: কমাৰগাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল স্কুল বাছ, আহত দুগৰাকী ছাত্ৰী

কমাৰগাঁৱৰ বৰপথাৰত পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল এখন স্কুল বাছ ৷ দুৰ্ঘটনাটোত সামান্য পৰিমাণে আঘাটপ্ৰাপ্ত হৈ আহত হয় দুগৰাকী ছাত্ৰী ৷ টেক্টৰৰ দৌৰাত্ম্যৰ বাবেই দুৰ্ঘটনাটো হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বোকাখাতৰ আৰোহন একাডেমি নামৰ শৈক্ষিক প্ৰতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা এখন বাছ কমাৰগাঁৱৰ গৰিয়া বৰপথাৰৰ পৰা বোকাখাত অভিমুখে গৈ আছিল ৷ পিছত বৰপথাৰ মহুৰামুখ সংযোগী পথত বিপৰীত দিশৰ পৰা এখন টেক্টৰ তীব্ৰবেগেৰে অহাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই বাছখন বাগৰি পৰে ধাননি পথাৰত ৷ ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ আহত ছাত্ৰী দুগৰাকীক এম্বুলেন্সযোগে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ লগতে তীব্ৰবেগী টেক্টৰখনো জব্দ কৰে আৰক্ষীয়ে ।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.