Scheduled Caste student union: অনুসূচিত জাতিক চৰকাৰে চৰম প্ৰবঞ্চনা কৰি আহিছে - অনুসূচিত জাতিক চৰকাৰে চৰম প্ৰবঞ্চনা কৰি আহিছে
🎬 Watch Now: Feature Video

মঙলবাৰে শিৱসাগৰ প্ৰেছ ক্লাৱত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই (All Assam Scheduled Caste student union) আয়োজন কৰে এক সংবাদমেলৰ ৷ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসে সম্বোধন কৰা উক্ত সংবাদমেলত তেওঁ কয়, ‘‘অনুসূচিত জাতিক চৰকাৰে চৰম প্ৰবঞ্চনা কৰি আহিছে ৷
এচামে অনুসূচিত জাতিৰ ভুৱা জাতিগত প্ৰমাণপত্ৰ উলিয়াই চৰকাৰী চাকৰিকে ধৰি বিভিন্ন আঁচনিৰ সা-সুবিধা গ্ৰহণ কৰিছে ৷ ফলত অনুসূচিত জাতিৰ অন্তৰ্গত প্ৰকৃত লোকসকল বঞ্চিত হৈ পৰিছে (Scheduled Caste student union organize press meet against Assam Govt) ৷"
লগতে তেওঁ কয়, ‘‘ভুৱা প্ৰমাণপত্ৰ উলিওৱা সন্দৰ্ভত চৰকাৰক লিখিতভাৱে অৱগত কৰাৰ পিচতো নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰিছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰতো অনুসূচিত জাতিক প্ৰতাৰণা কৰিছে চৰকাৰে’’ ৷ বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীত ‘‘সতী ৰাধিকা স্মৃতি কলাকেন্দ্ৰ’’ নামেৰে এটা সাংস্কৃতিক কেন্দ্ৰ স্থাপনৰ কথাও ঘোষণা কৰিছিল ৷ কিন্তু একমাত্ৰ ৰাজনৈতিক শত্ৰুতাৰ বাবেই বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সেই প্ৰস্তাৱ কাৰ্যকৰী কৰা নাই’’ ৷
আনহাতে, উক্ত বিষয়সমূহত চৰকাৰে শীঘ্ৰেই আলোচনা তথা নিজৰ স্থিতি স্পষ্ট নকৰিলে আগন্তুক ১৬ ফেব্ৰুৱাৰীৰ পৰা জংগী আন্দোলন কৰাৰ কথা ঘোষণা কৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই ।