Akhil Gogoi bail : জামিন লাভৰ পাছত কি ক'লে অখিল গগৈয়ে ? - Akhil Gogoi bail
🎬 Watch Now: Feature Video
শিৱসাগৰ,১৮ এপ্ৰিল : NIAৰ গোচৰত জামিন লাভ কৰিলে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে অখিল গগৈৰ (SC grants bail Akhil Gogoi)। জামিন লাভৰ পাচতে অখিল গগৈয়ে সংবাদমাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । অখিল গগৈয়ে অভিযোগ কৰা মতে চৰকাৰে NIAৰ জৰিয়তে তেওঁক চক্ৰবেহুত ভৰাব বিচাৰিছিল । কিন্তু চৰকাৰ বিফল হ'ল বুলিও তেওঁ অভিযোগ কৰে ।
অখিল গগৈৰ মতে এতিয়াৰে পৰা অখিল গগৈয়ে অধিক শক্তিশালী ৰূপত বিৰোধীৰ ভূমিকাত অৱতীৰ্ণ হ'ব । এতিয়াৰে পৰা তেওঁৰ ভয় নাইকীয়া হ'ল বুলিও অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে (Akhil Gogoi reacts over bail)। উল্লেখ্য যে, বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ বিৰোধী আন্দোলনৰ সময়তে তেতিয়াৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি অখিল গগৈক যোৰহাটৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল (CAA protest in Assam)। তাৰ পাচত সেই গোচৰ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIAলৈ হস্তান্তৰ কৰা হয় । মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত NIAই অখিল গগৈৰ বিৰুদ্ধে তদন্ত চলায় ।
আনহাতে, গুৱাহাটীৰ NIAৰ আদালতে ২০২১ চনৰ ১ জুলাইত অখিল গগৈ,ধৈৰ্য কোঁৱৰ,মানস কোঁৱৰ আৰু বিতু সোণোৱালক দোষমুক্ত কৰে । এবছৰ সাত মাহ কাৰাগাৰত থকাৰ পাচত কাৰামুক্ত হয় অখিল গগৈ । গুৰুত্বপূৰ্ণ কথা যে কাৰাগাৰত থাকোঁতেই অখিল গগৈ শিৱসাগৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয় (Raijor Dal MLA Akhil Gogoi)। যিটো অসমৰ সংসদীয় ৰাজনীতিৰ বাবে প্ৰথম ঘটনা ।
কাৰাগাৰৰ পৰা আহি বিধায়কৰ শপত লোৱা অখিল গগৈৰ বিৰুদ্ধে পুনৰ NIAই গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰে । NIAৰ আদালতৰ ৰায়কে প্ৰত্যাহ্বান জনাই NIAই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা ১২১/২০২১ নম্বৰ গোচৰটোৰ ৰায় দিয়ে । য'ত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে NIAৰ তদন্ত পুনৰ চলিব বুলি ৰায় দিয়ে ।
ইফালে কা' বিৰোধী আন্দোলনৰ 'নিয়া'(NIA)ৰ গোচৰটো পুনৰ আৰম্ভ হ'ল (NIA case on CAA)। 'নিয়া'ৰ আপীলৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে যোৱা ৯ ফেব্ৰুৱাৰীত গোচৰটো পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছিল । তথ্য-প্ৰমাণসহ 'নিয়া'ৰ অভিযোগ প্ৰমাণ নোহোৱাত যোৱা ১ জুলাই ২০২১ তাৰিখে এই গোচৰটোৰ পৰা অখিল গগৈক সতীৰ্থসহ 'নিয়া' আদালতে সম্পূৰ্ণ মুক্ত কৰি দিছিল ।
লগতে পঢ়ক : Historian Irfan Habib on Assam CM; ৰাজনৈতিক আলোচনাত আটাইতকৈ বিষাক্ত ব্যক্তি হিমন্ত বিশ্ব শৰ্মা : ইৰফান হাবিব