দেৰগাঁৱৰ দুৰ্ঘটনাস্থলীত উপস্থিত দিল্লীৰ তিনিজনীয়া অনুসন্ধানকাৰী দল - বালিজানৰ দুৰ্ঘটনাস্থলী
🎬 Watch Now: Feature Video
Published : Jan 4, 2024, 8:12 PM IST
গোলাঘাট, 4 জানুৱাৰী : দেৰগাঁৱৰ বালিজানৰ দুৰ্ঘটনাস্থলীত উপস্থিত দিল্লীস্থ Save Life Foundation ৰ তিনিজনীয়া অনুসন্ধানকাৰী দল । ৩ ডিচেম্বৰৰ পুৱতি নিশা দেৰগাঁও এই স্থানতে সংঘটিত হৈছিল সেই ভয়ংকৰ পথ দুৰ্ঘটনা । যাৰ ফলত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ১২ জনকৈ দুৰ্ভগীয়াই ৷ আহত হৈছিল প্ৰায় ২৭ জনকৈ লোক ।
এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিচতে অসম চৰকাৰে তাৎক্ষণিকভাবে তদন্তৰ বাবে আমন্ত্ৰণ জনাই দিল্লীস্থ Save Life Foundation নামৰ সংস্থাটোক । ৰাজ্য চৰকাৰৰ আমন্ত্ৰণ মৰ্মে আজি সংস্থাটোৱে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে । বিজ্ঞানসন্মতভাৱে পৰীক্ষা কৰি দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰাৰ চেষ্টা চলাই সংস্থাটোৱে ।
প্ৰথম পৰ্যায়ত ৩ জনীয়া দলটোৱে ঘটনাস্থলী পৰ্যবেক্ষণ কৰাৰ পিচৰ পৰ্যায়ত দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহনো পৰীক্ষা কৰিব আৰু চেষ্টা কৰিব কাৰণ নিৰ্ধাৰণ কৰিবলৈ । আজি যোৰহাট বিমানবন্দৰৰ পৰা পোনে পোনে দেৰগাঁও বালিজানত দুৰ্ঘটনা সংঘটিত হোৱা স্থলীত Save Life Foundation ৰ দলটো উপস্থিত হয় ।
লগতে পঢ়ক : যোৰহাটত মন্ত্ৰী কেশৱ মহন্তক জবাবদিহি কৰিলে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে