thumbnail

By

Published : Aug 21, 2023, 5:45 PM IST

ETV Bharat / Videos

Extra curricular activities in Sarupathar college: স্বাৱলম্বিতাৰ দিশত সৰুপথাৰ মহাবিদ্যালয়ৰ অভিনৱ পদক্ষেপ

সৰুপথাৰ, ২১ আগষ্ট : স্বাৱলম্বিতাৰ দিশত সৰুপথাৰ মহাবিদ্যালয়ৰ অভিনৱ পদক্ষেপ । ব্যতিক্ৰমী পাঠ্যক্ৰমে হৃদয় জয় কৰিছে সাধাৰণ জনতাৰ ৷ গতানুগতিক পাঠ্যক্ৰমৰ উপৰিও নিৱনুৱা সংস্থাপনৰ বাবে কেইবাটাও নতুন পাঠ্যক্ৰমৰ সূচনা ৷

ধনশিৰি মহকুমাৰ অন্তৰ্গত শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ সৰুপথাৰ মহাবিদ্যালয়ত কেঁচুসাৰ উৎপন্ন কৰাৰ লগতে মৌ-পালনৰ প্ৰকল্প হাতত লোৱা হৈছে । মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ প্ৰাপ্তি ঠাকুৰৰ প্ৰচেষ্টাত মৃত্তিকা নামে কেচুঁসাৰ প্ৰকল্প আৰম্ভ কৰা হৈছে ।

শিক্ষাৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে যাতে স্বাৱলম্বীতাৰ পথ হিচাপে এই নিদৰ্শন গ্ৰহণ কৰিব পাৰে এনে উদ্দেশ্যে আগত ৰাখিয়েই কেচুঁসাৰ উৎপাদন, মৌ-পালনৰ প্ৰচেষ্টা হাতত লোৱা হৈছে । উল্লেখ্য যে ১১ মে’ ২০২৩ তাৰিখে শুভাৰম্ভ কৰা স্ব-নিয়োজন কোষ, সৰুপথাৰ মহাবিদ্যালয়ৰ উদ্যোগত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে প্ৰস্তুত কৰা উন্নত মানৰ কেঁচুসাৰ বিক্ৰীৰ বাবে মুকলি কৰা হ’ল । প্ৰতি কেজিৰ দৰ ৩০ টকা মাত্ৰ । কেঁচুসাৰৰ লগতে কেঁচুও বিক্ৰী কৰা হ’ব বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই ।

লগতে পঢ়ক : AACSU conference: ধনশিৰি মহকুমাত অনুষ্ঠিত হ’ব সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.