Ambubachi 2023 :আশ্ৰয় শিৱিৰত অম্বুবাচী মেলাৰ ভক্তক সাক্ষাৎ সৰ্বানন্দ সোণোৱালৰ - sarbananda sonowal visited ambubachi camp
🎬 Watch Now: Feature Video
গুৱাহাটী, ২৪ জুন: কামাখ্যা ধামত চলি থকা অম্বুবাচী মেলা উপলক্ষে আভ্যন্তৰীণ জল পৰিবহণৰ পাণ্ডুঘাটত ব্যৱস্থা কৰা ভক্তসকলৰ অস্থায়ী আশ্ৰয় শিবিৰ শনিবাৰে পৰ্যবেক্ষণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশ্ৰয় শিবিৰত থকা ভক্তসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ সুবিধা আৰু অসুবিধাৰ বুজ লয় । আশ্ৰয় শিৱিৰত থকা ভক্তসকলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায় ।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই প্ৰসংগত কয়,"অসম চৰকাৰে দেশ- বিদেশৰ পৰা অম্বুবাচী মেলালৈ অহা ভক্তসকল থকাৰ বাবে যি আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে তাৰ বাবে ধন্যবাদ জনাইছো অসম চৰকাৰক। লগতে ভক্তসকলৰ মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি মা কামাখ্যাৰ ওচৰত মঙ্গল কামনা কৰিছো । পাণ্ডুঘাটটো যিহেতু কেন্দ্ৰীয় আভ্যন্তৰীণ জল পৰিবহণ নিগমৰ অধীনত, গতিকে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে সম্মিলিতভাৱে ভক্তসকলৰ থকাৰ ব্যৱস্থা কৰিছে ।" উল্লেখ্য যে এইবেলি অম্বুবাচী মেলালৈ অহা ভক্তসকলৰ বাবে পঁচ হাজাৰ লোক থাকিব পৰা আশ্ৰয় শিবিৰ পাণ্ডুঘাটত কৰা হৈছে ।
লগতে পঢ়ক:Ambubachi 2023 : অম্বুবাচী উপলক্ষে সহস্ৰাধিক ভক্তৰ সমাগম ঘটিছে কামাখ্যা ধামত