তিনিদিনীয়া কাৰ্যসূচীৰে সোণাৰিত আৰম্ভ হ'ল সাংস্কৃতিক মহাসংগ্ৰাম - সাংস্কৃতিক পৰিক্ৰমা বিভাগ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 7:35 PM IST

মৰাণ, 11 ডিচেম্বৰ : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্যৰ গাঁও পঞ্চায়ত সমূহত অনুষ্ঠিত হৈছে সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচী ৷ গাঁও পঞ্চায়ত সমূহত এই কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পাছতে সমষ্টি ভিত্তিত এই কাৰ্যসূচীত অনুষ্ঠিত হৈছে ৷

তিনিদিনীয়া কাৰ্যসূচীৰে সোণাৰিত আজিৰে পৰা আৰম্ভ হ'ল সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচী ৷ সোণাৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজিৰে পৰা আৰম্ভ হৈছে সোণাৰি বিধানসভা সমষ্টি পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্ৰাম 2023 প্ৰতিযোগিতা ৷ সোণাৰি বিধানসভা সমষ্টিৰ ভিন্ন প্ৰান্তৰ প্ৰতিযোগী সকলে অংশগ্ৰহণ কৰিছে সংগীত আৰু সাংস্কৃতিক প্ৰতিযোগিতা সমূহত ৷

সাংস্কৃতিক মহাসংগ্ৰামৰ সোণাৰি বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাৰ আজি শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জনপ্ৰিয় কণ্ঠশিল্পী মাধৱ ৰঞ্জন, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষীনাথ তাছাৰ লগতে চৰাইদেউ জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী সকল ৷ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কয় যে, সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচীৰ জড়িয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিভাৱান যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰীক এখন উপযুক্ত মঞ্চ দিয়াৰ বাবে চেষ্টা কৰিছে ৷ এই চেষ্টাই অসমীয়াৰ সাংস্কৃতিক ক্ষেত্ৰখন শক্তিশালী কৰিব ৷ 

লগতে পঢ়ক : মুখ্যমন্ত্রীয়ে নৱপ্ৰজন্মৰ প্ৰতিভা বিকাশৰ সপোনক বাস্তৱ ৰূপ দিছে: মানৱ ডেকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.