thumbnail

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 9:57 PM IST

ETV Bharat / Videos

Sankar janmotsav: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ তম জন্ম মহোৎসৱত হৰি নামেৰে মুখৰিত ৰঙিয়া

ৰঙিয়া, 25 ছেপ্টেম্বৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ তম জন্ম মহোৎসৱত হৰি নামেৰে মুখৰিত হ’ল ৰঙিয়া । ৰঙিয়া চেনীমাৰা, বিহাপাৰাত শ্ৰীশ্ৰী বংশীগোপাল সত্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা গুৰুজনাৰ জন্ম মহোৎসৱত সোমবাৰে উলিওৱা হয় বিশাল ভাগৱত শোভাযাত্ৰা । অঞ্চলটোৰ পাঁচ শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে শোভাযাত্ৰাত ৷

বিহাপাৰা মধ্যচুপা নামঘৰৰ অংশগ্ৰহণৰে অঞ্চলটোত উলিওৱা শোভাযাত্ৰাত হেজাৰ হেজাৰ ভক্তপ্ৰাণ ৰাইজে ভাগৱত যাত্ৰাৰ আশীষ গ্ৰহণ কৰে । ইফালে চেনীমাৰা শ্ৰীমন্তশংকৰ কৃষ্টি বিকাশ সমিতিৰ সৌজন্যত তিনি দিনীয়াকৈ অনুষ্ঠিত হোৱা মহাপুৰুষ গৰাকীৰ জন্ম মহোৎসৱৰ লগত সংগতি ৰাখি দেওবাৰে প্ৰথম কাৰ্যসূচী ভাগৱত প্ৰতিষ্ঠাপনৰে আৰম্ভ হয় । ইয়াৰ পিচতে উষা কীৰ্তন, নাম কীৰ্তনৰ লগতে আন কেইবাটাও কাৰ্যসূচীৰে মঙলবাৰে আইসকলৰ নামেৰে সামৰণি পৰিব মহোৎসৱ ।

লগতে পঢ়ক : Sankar janmotsav Morigaon:মৰিগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্ম জয়ন্তী পালন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.