কৃষিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ আহ্বান সঞ্জয় কিষাণৰ - ধেমাজিত মন্ত্ৰী সঞ্জয় কিষাণ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 7:00 PM IST

ধেমাজি, ১২ জানুৱাৰী: কৃষিৰ জৰিয়তে ধেমাজি জিলাক আত্মনিৰ্ভৰশীল কৰি আগুৱাই নিবলৈ কৃষক আৰু আত্মসহায়ক গোটসমূহক আহ্বান জনালে মন্ত্ৰী সঞ্জয় কিষাণে । ধেমাজি জিলা প্ৰশাসনৰ জিলা কৃষি বিকাশ কেন্দ্ৰ আৰু কৃষি বিভাগৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত আত্মনিৰ্ভৰ ধেমাজিত উপস্থিত হৈ এইদৰে মন্তব্য় কৰে কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণে ।

ধেমাজি জিলা কৃষক আৰু আত্মসহায় গোটসমূহৰ উৎপাদিত সামগ্ৰী বিক্ৰী আৰু প্ৰদৰ্শনৰ বাবে এখন বিশেষ মঞ্চ প্ৰস্তুত আৰু তেওঁলোকক উৎসাহিত কৰাৰ উদ্দেশ্য ধেমাজি জিলা প্ৰশাসনৰ জিলা কৃষি বিকাশ কেন্দ্ৰ আৰু কৃষি বিভাগৰ উদ্যোগত বিগত বছৰৰ দৰে এইবেলিও কালিৰে পৰা তিনিদিনীয়াকৈ ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হৈছে আত্মনিৰ্ভৰ ধেমাজি ৷ আজি দ্বিতীয় দিনা এই অনুষ্ঠানত উপস্থিত হৈ মহিলা আত্মসহায় গোটৰ বিপনীৰ পৰা হাতে বোৱা বহু কেইপদ সামগ্ৰী কয় কৰে মন্ত্ৰী সঞ্জয কিষানে ৷ মন্ত্ৰী সঞ্জয় কিষাণে লগতে ৰঙা চাউল,কলা চাউলো ক্ৰয় কৰে ।

লগতে পঢ়ক:২২ জানুৱাৰীৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.