Sangeeta Dutta case : ধৃত আশাকৰ্মীৰ স্বীকাৰোক্তি; নিৰ্যাতিতা কন্যা শিশুটিক অনা হৈছিল বৰপেটা পৰা - শিশু নিৰ্যাতনকাৰী চিকিৎসক দম্পতী

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 13, 2023, 8:42 PM IST

গুৱাহাটী, ১৩ মে’ : সংগীতাকাণ্ডৰ নতুন মোৰ ৷ কেঁচু খান্দোতে ওলাইছে এতিয়া সাপ । শিশু নিৰ্যাতনকাৰী চিকিৎসক দম্পতী ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তৰ ঘটনাৰ তদন্ত পোহৰলৈ আহিছে নিতৌ ন ন ভয়ংকৰ তথ্য (Sangeeta Dutta case) । ঘটনাৰ তদন্তত মূল ঘটনাটোৰ আঁৰত শিশু সৰবৰাহকাৰী চক্ৰ জড়িত থকাৰ উমান পোৱা গৈছে ।

শুকুৰবাৰে নিশা চিকিৎসক দম্পতী ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তৰ হাতত শিশুদ্বয় তুলি দিয়া উৎপলা বসু নামৰ মহিলাগৰাকীৰ আত্মসমৰ্পণ কৰিছিল (Personal helper of Sangita Dutta surrendered) ৷ ইয়াৰ পিচতে ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে শনিবাৰে দুগৰাকী আশাকৰ্মীক আটক কৰিছে । আশাকৰ্মী দুগৰাকীৰ নাম হৈছে লাল বানু আৰু চুবেৰা । জানিব পৰা মতে, শনিবাৰে ধৃত উৎপলা বসুক আদালতত হাজিৰ কৰাৰ পাচত 5 দিনৰ আৰক্ষীৰ জিম্মাত লৈছে আৰক্ষীয়ে ৷

ইফালে পাণবজাৰ মহিলা আৰক্ষী থানাত সংগীতা দত্ত, উৎপলা বসু আৰু আশাকৰ্মী দুগৰাকীক পৃথকে পৃথকে জেৰা চলাই থকা হৈছে । আৰক্ষীৰ জেৰাত দুই আশাকর্মীয়ে শিশু দুটি উৎপলা বসুক যোগান ধৰিছিল বুলি স্বীকাৰ কৰিছে । সংগীতা দত্তৰ হাতত তুলি দিয়া কন্যা শিশুটিক বৰপেটা পৰা অনা হৈছিল বুলি জানিব পৰা গৈছে (Sangeeta Dutta's victim baby was brought from Barpeta)। অৱশ্যে ল’ৰা শিশুটিক ক’ৰ পৰা আনিছে সেই কথা স্বীকাৰ কৰা নাই ।

কিন্তু দুই আশাকর্মীয়ে এই কথা স্বীকাৰ কৰিছে যে ল’ৰা শিশুটিৰ মাতৃয়ে শিশুটিক বিক্ৰী কৰি বিবাহ পাশত আবদ্ধ হৈছে বিহাৰৰ এজন ব্যক্তিৰ লগত । ল’ৰা শিশুটোৰ মাতৃ হৈছে এগৰাকী নেপালী সম্পদায় মহিলা । জানিব পৰা মতে, আজি আবেলি পুনৰ বৰপেটাত সংগীতা দত্তৰ হাতত তুলি দিয়া কন্যা শিশুটিৰ মাতৃক বিচাৰি আৰক্ষীয়ে চলাব অভিযান ।

লগতে পঢ়ক : Sangeeta Dutta case : সংগীতা দত্তৰ ব্যক্তিগত সহায়িকাৰ আত্মসমৰ্পণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.