thumbnail

Sand artist Sudarshan Pattnaik : শীৰ্ষ সন্মিলনৰ পূৰ্বে পুৰীৰ সাগৰ তীৰত বিশাল জি-২০ লগ’

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 10:30 PM IST

নেশ্যনেল ডেস্ক, 8 ছেপ্টেম্বৰ : দিল্লীত অনুষ্ঠিত হৈছে জি-২০ শীৰ্ষ সন্মিলন । ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰপ্ৰধান তথা প্ৰতিনিধিসকলৰ দিল্লীলৈ আগমন ঘটিছে । ইয়াৰ মাজতে পদ্মশ্ৰী, বলুকা শিল্পী সুদৰ্শন পাটনায়কে ওড়িশাৰ পুৰীৰ সাগৰৰ তীৰত বালিৰে নানা ৰঙৰ সমাহাৰেৰে বিশাল জি-২০ লগ’ প্ৰস্তুত কৰি ৰাষ্ট্ৰপ্ৰধানসকলক আদৰণি জনায় ৷ অহা 9 আৰু 10 ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হ'ব G-20 সন্মিলন । 

আয়োজক ভাৰত চৰকাৰে অনুষ্ঠানটো সফল কৰাৰ বাবে ব্যাপক ব্যৱস্থা কৰিছে। ইতিমধ্যে 15 খন দেশৰ ৰাষ্ট্ৰপ্ৰধানসকলক ভাৰতত উষ্ম আদৰণি জনোৱা হৈছে। 150 ফুট দৈৰ্ঘ্য আৰু 50 ফুট প্ৰস্থৰে পাটনায়কে বিশাল জি-20 লগ’ নিৰ্মাণ কৰে ৷ উল্লেখ্য যে, এইটো পৃথিৱীৰ বলুকা চিত্ৰকলাৰ ভিতৰত আটাইতকৈ বৃহৎ লগ’। এই বিশাল জি-২০ ৰ লগ’টো পুৰী সাগৰৰ পাৰৰ ব্লু ফ্লেগ বীচত নিৰ্মাণ কৰা হৈছে।

লগতে পঢ়ক : G20 Summit 2023 : মাহোবাত তৈয়াৰী পিতলৰ গোলাপ উপহাৰ দিব বিদেশী ৰাষ্ট্ৰপ্ৰধানসকলক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.