thumbnail

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 11:24 AM IST

ETV Bharat / Videos

Sand sculpture at Puri to welcome Joe Biden : 2000 মাটিৰ চাকিৰে ভাৰতলৈ আদৰণি মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনক

নেশ্যেনেল ডেস্ক, 7 ছেপ্টেম্বৰ : ওড়িশাৰ জনপ্ৰিয় বলুকা শিল্পী সুদৰ্শন পাটনায়কৰ এটা শেহতীয়া শিল্পকৰ্মই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । বলুকা শিল্পী সুদৰ্শন পাটনায়কে এইবাৰ বালিত নিৰ্মাণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনক ৷ জি-20 সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনক আদৰিবলৈ 2000 টা মাটিৰ চাকিৰে কৰি ওড়িশাৰ পুৰীৰ সমুদ্ৰ তীৰত বালিৰে নিঁখুতভাৱে অংকন কৰিছে ৷

লগতে বলুকা শিল্পী পদ্মশ্ৰী সুদৰ্শন পাটনায়কে বালিত অংকন কৰিছে জ’ বাইডেনৰ 6 ফুট বালিৰ ভাস্কৰ্য আৰু জি 20 ৰ ল’গ’ । সংবাদ মাধ্যমৰ আগত বলুকা শিল্পীগৰাকীয়ে কয়, ‘‘আমি আমাৰ অতিথিসকলক সদায় মাটিৰ চাকিৰে আদৰণি জনাও ৷ গতিকে এই ভাস্কৰ্যটো মই মাটিৰ চাকি ব্যৱহাৰ কৰি অংকন কৰিছোঁ’’ ৷

লগতে পঢ়ক : US President India visit: ভাৰত ভ্ৰমণৰ বাবে সাজু ৰাষ্ট্ৰপতি জ' বাইডেন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.