thumbnail

By

Published : Nov 6, 2022, 6:27 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

ETV Bharat / Videos

Samujjal Kumar Bhattacharya at Bhola Kataki's residence: প্ৰয়াত শিল্পী ভোলা কটকীৰ বাসগৃহত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

নটসূৰ্য ফণী শৰ্মা বঁটাপ্ৰাপক প্ৰবীন চলচিত্ৰ অভিনেতা শিল্পী ভোলা কটকীৰ দেহাৱসানৰ (Bhola Kataki is no more) পিছত শিল্পীগৰাকীৰ জামুগুৰিহাটস্থিত বাসগৃহত দেওবাৰে উপস্থিত হয় আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্য (Samujjal Kumar Bhattacharya at Jamugurihat) ৷ সৰল চিন্তাৰে জীৱন আগুৱাই নিয়া প্ৰয়াত ভোলা কটকী কায়িকভাৱে নাই যদিও তেখেতৰ চিন্তাৰাজি আগুৱাই লৈ যোৱাৰ বাবে ছাত্ৰ সন্থা সাৰথি হৈ থাকিব বুলি উল্লেখ কৰে ভট্টাচাৰ্যই ৷ বিষ্ণু ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালা, ফণী শৰ্মা, ড৹ ভূপেন হাজৰিকাৰ দৰে বৰেণ্য শিল্পীসকলৰ সংপৃক্ত হৈ থকা ভোলা কটকীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে তেখেতৰ জীৱন পৰিক্ৰমাৰ ওপৰত লিখিত ৰূপত এখন সংকলন প্ৰস্তুত হোৱাতো উচিত বুলি অনুভৱ কৰি এইক্ষেত্ৰত গাঁওবাসীক উদ্যোগ ল’বলৈ আহবান জনাই আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে (Samujjal Kumar Bhattacharya at late artist Bhola Kataki residence)৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা প্ৰবীন চলচিত্ৰ অভিনেতাগৰাকীয়ে শুকুৰবাৰে বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰিছিল ৷
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.