ভুল স্বীকাৰ কৰিছিল উৎপলে, তাৰ পাচতো থানালৈ আনি মাৰপিট !
🎬 Watch Now: Feature Video
চামগুৰি, 3 ডিচেম্বৰ : ৰূপহীহাট আৰক্ষীৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ উত্থাপন হৈছে । ৰূপহীহাট আৰক্ষী থানাৰ উপ-পৰিদৰ্শক কুমুদ গগৈৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ । ভুল দিশত গাড়ী এখন অলপ সময় ৰখোৱাৰ বাবেই আৰক্ষীয়ে চলালে বৰ্বৰ অত্যাচাৰ ৷ আন নালাগে গাড়ীৰ গৰাকীৰ ৰুগায়ী মাতৃকো নিদিলে ৰেহাই ৷ বৃদ্ধাগৰাকীক টানি উলিয়াই আনিলে গাড়ীৰ পৰা ৷
প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া অনুসৰি, গাড়ীখনৰ গৰাকী উৎপলে নিজৰ ভুল মানি আৰক্ষীক কাবৌ-কোকালি কৰিছিল ৷ কিন্তু ৰূপহীহাট আৰক্ষী থানাৰ উপ-পৰিদৰ্শক কুমুদ গগৈৰ মুখত অশ্ৰাব্য গালি-গালাজ ৷ থানালৈ লৈ যায় বাহনসহ চালকক । দুই মিনিটতকৈয়ো কম সময়ৰ বাবেহে গাড়ী ৰখাইছিল উৎপলে ৷ ৰুগীয়া মাতৃৰ বাবে আপেল কিনিবলৈ গৈছিল তেওঁ । আৰক্ষীয়ে জৰিমনা বিহিব পাৰিলে হয় কিন্তু তাকে নকৰি ৰুগীয়া মাতৃক ৰাজপথত পেলাই থৈ অপৰাধীৰ ধৰে টানি থানালৈ লৈ যায় উৎপলক । ৰাইজৰ সেৱাত ব্ৰতী হৈ থকা আৰক্ষীৰ এই বৰ্বৰ ৰূপে ভবাই তুলিছে সকলোকে ৷
লগতে পঢ়ক : পুৰণিগুদামত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ