thumbnail

By

Published : Feb 16, 2023, 11:07 PM IST

Updated : Feb 17, 2023, 6:57 AM IST

ETV Bharat / Videos

Rupjyoti Kurmi on Child Marriage: বাল্যবিবাহ বিৰোধী অভিযানৰ বিৰোধ কৰা সকলক জধামূৰ্খ আখ্যা ৰূপজ্যোতি কুৰ্মীৰ

যোৰহাট, 16 ফেব্ৰুৱাৰী: "বাল্যবিবাহৰ গোচৰত আটক হোৱা সকলক সমৰ্থন কৰা একাংশ অধিবক্তা জধামূৰ্খ ৷ অবৈধ স্বামীৰ সপক্ষে মাত মতা একাংশ অসমীয়া কুলা-কুশলী জধামূৰ্খ ৷" ৰ’ব এয়া আমি কোৱা কথা নহয়, এয়া হৈছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য (Mariani MLA Rupjyoti Kurmi) ৷  

শেহতীয়াকৈ বাল্যবিবাহৰ বিৰুদ্ধে সৰৱ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM against child Marriage) ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বাল্যবিবাহৰ লগতে জড়িত থকা বেআইনী স্বামীসহ প্ৰত্যেকজন লোকৰ বিৰুদ্ধে কঠাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম আৰক্ষীক দিয়া নিৰ্দেশৰ পিচতে ৰাজ্যজুৰি চলিল অভিযান, যাক লৈ সমগ্ৰ দেশতে তোলপাৰ লাগিল ৷ ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা অসম আৰক্ষীয়ে আটক কৰি গৈছে বাল্যবিবাহৰ লগত জড়িত থকা বেআইনী স্বামীসহ তেওঁলোকৰ পৰিয়ালৰ সদস্য তথা আত্মীয়-স্বজন (Child Marriage in Assam) ৷ ইয়াৰ পিচতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ একাংশই যদি মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক সমৰ্থন কৰিছে আন একাংশই আকৌ চৰকাৰৰ এই কাৰ্যক সমালোচনা কৰিছে ৷

মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক সমালোচনা কৰা সকলক জধামূৰ্খ আখ্যা দিছে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ উল্লেখ্য যে, বিতৰ্কৰ অন্য এক নামেই হৈছে মৰিয়নি সমষ্টিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী । সততে বিভিন্ন মন্তব্যৰ কাৰণে বিভিন্ন সময়ত সংবাদ শিৰোনাম দখল কৰি আহিছে বিধায়ক কুৰ্মীয়ে । আজি অৰ্থাৎ বৃহস্পতিবাৰে যোৰহাটত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বাল্যবিবাহ সন্দৰ্ভত মন্তব্য আগবঢ়ালে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (Rupjyoti Kurmi on Child Marriage)।

বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয়, ১৫-১৬ বছৰীয়া এগৰাকী নাবালিকা যেতিয়া বিবাহত বহে তেতিয়া সেইগৰাকী নাবালিকাৰ সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত ব্যাঘাত জন্মে ৷ কাৰণ তেওঁৰ বয়স কম ৷ এনে ক্ষেত্ৰত কিশোৰী গৰাকীয়ে সন্তান জন্ম দিলে বিভিন্ন সমস্যা আহি পৰে ৷ বহু সময়ত কিশোৰী প্ৰসূতি গৰাকী আৰু সন্তানটি জন্ম দিয়াৰ সময়তেই মৃত্যুমুখত পৰিব লগা হয়  । ফলত বদনামৰ সন্মুখীন হয় অসম চৰকাৰ ।"

তেওঁ লগতে কয়, বাল্য বিবাহৰ দৰে ভয়াৱহ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে এনে কাৰ্যৰ লগত জড়িত সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে বাল্যবিবাহৰ লগত জড়িত সকলক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে । চৰকাৰৰ এই পদক্ষেপক তেওঁ সমৰ্থন জনাইছে বুলিও উল্লেখ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

লগতে বাল্যবিবাহৰ অপৰাধত বেআইনী স্বামী তথা এই কাৰ্যৰ লগত জড়িত থকাৰ অভিযোগত আটক হোৱাসকলক সমৰ্থন কৰা সকলক সমালোচনা কৰি বিধায়কগৰাকীয়ে কয়, "বাল্যবিবাহৰ গোচৰত আটক হোৱা স্বামীক সমৰ্থন কৰা একাংশ অধিবক্তা আৰু একাংশ স‌ংগীত জগতৰ কলা-কুশলীক গৰিহণা দিছোঁ । যি সকলে বাল্যবিবাহৰ গোচৰত আটক হোৱা স্বামীক সমৰ্থন কৰিছে, তেওঁলোক জধামূৰ্খ ।"  

উল্লেখ্য যে, বিভিন্ন সময়ত মন্তব্য আগবঢ়াই সংবাদ শিৰোনাম দখল কৰা ৰূপজ্যোতি কুৰ্মীয়ে বাল্য বিবাহৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লৈ এইবাৰ লক্ষ্য কৰি ললে অধিবক্তা সমাজৰ লগতে অসমীয়া ছবি জগতৰ লগত জড়িত একাংশ কলা-কুশলীক । ৰূপজ্যোতি কুৰ্মী এই মন্তব্যৰ পিছত ৰাজ্যৰ অধিবক্তা সমাজ আৰু ছবিজগতৰ কলা-কুশলীসকলে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, সেয়া পৰৱতী সময়ত লক্ষ্যনীয় হ'ব ।  

লগতে পঢ়ক: Naga aggression at Mariani: এদিনৰ ভিতৰত নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি বিধায়ক ৰূপজ্যোতিৰ

Last Updated : Feb 17, 2023, 6:57 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.