No ambulance service in Majuli: মাজুলীত ১০৮ এম্বুলেঞ্চ সেৱাক লৈ হাহাকাৰ - No ambulance service in Majuli

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 5, 2023, 12:23 PM IST

মাজুলী,৫ আগষ্ট: পুনৰ মাজুলীত ১০৮ এম্বুলেঞ্চ সেৱাৰ বাবে হাহাকাৰ । শুকুৰবাৰে নিশাৰ ভাগত এখন ১০৮ এম্বুলেঞ্চ সেৱা বাহনৰ বাবে ৰোগীয়ে হাঁহাকাৰ কৰিব লগা অৱস্থাৰ সৃষ্টি হয় । দুঘণ্টা ধৰি অপেক্ষা কৰিও ১০৮ সেৱাৰ বাহন নাপালে ৰোগীৰ আত্মীয়ই ।  

মাজুলীৰ জিলা চিকিৎসালয় গড়মূৰৰ পৰা যোৰহাট লৈ প্ৰেৰণ কৰা এজন ৰোগীক নিবলৈ নিশা ৮ বজাৰ পৰা ১০৮ সেৱা লগত যোগাযোগ কৰি ১১ বজালৈ নাপালে কোনো সঁহাৰি । যাৰ ফলশ্ৰুতিত অৱশেষত প্ৰতিকূল বতৰৰ মাজতে ব্যক্তিগত বাহনত আত্মীয়ই ৰোগীক লৈ যায় ঘাটলৈ । জিলাখনত পৰ্যাপ্ত ১০৮ থকা বুলি ঢাক ঢোল বজোৱা সময়ত কিয় ৰোগীয়ে প্ৰয়োজনীয় সময়ত লাভ নকৰে ১০৮ বাহন সেয়া আজিৰ তাৰিখত এক ডাঙৰ প্ৰশ্ন হৈ দেখা দিছে । 

লগতে পঢ়ক: Lok Kalyan Divas : ভাৰতৰত্ন গোপীনাথ বৰদলৈক স্মৰণ

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.