Royal Bengal tiger at Kaliabor: কলিয়াবৰত এতিয়াও অব্যাহত বনৰজাৰ আতংক - Royal Bengal tiger menace at Kaliabor
🎬 Watch Now: Feature Video
নগাঁও, 11 এপ্ৰিল: কলিয়াবৰত এতিয়াও অব্যাহত আছে ঢেকীয়পতীয়া বাঘৰ মুক্ত বিচৰণ (Royal Bengal tiger roaming at Kaliabor)৷ পুনৰ কেমেৰাত বন্দী হৈছে বাঘটোৱে মুক্তভাৱে বিচৰণ কৰাৰ দৃশ্য ৷ শিলঘাটৰ কলিয়াবৰ চাহ বাগিচা আৰু কামাখ্যা পাহাৰৰ নামনি এলেকা এতিয়া যেন হৈ পৰিছে ঢেকীয়াপতীয়া বাঘৰ আৱাসস্থলী। চাহ বাগিচাৰ মাজত বাঘে জিৰণি লোৱাৰ দৃশ্য আৱদ্ধ হৈছে কেমেৰাত। কামাখ্যা পাহাৰৰ নামনিত চাহ বাগিচাৰ মাজেৰে মুক্তমনে বিচৰণ কৰি আছে ঢেকীয়াপতীয়া বাঘটোৱে (Royal Bengal tiger at Kaliabor)। বিগত বহুদিন ধৰি কলিয়াবৰ চাহ বাগিচাত বিচৰণ কৰি আছে কেইবাটাও ঢেকীয়াপতীয়া বাঘে ৷ সম্প্ৰতি ঢেকীয়াপতীয়া বাঘৰ বিচৰণৰ বাবেই সোণাৰি গাঁও-কামাখ্যা মন্দিৰ সংযোগী পথৰে আহ-যাহত নিষেধাজ্ঞা অব্যাহত ৰখা হৈছে ৷
লগতে পঢ়ক: Tiger Terror at Kaliabor: বনজ জীৱৰ জনাঞ্চল বিচৰণে ত্ৰাসিত কৰিছে কলিয়াবৰবাসীক
শেহতীয়াকৈ হাতীমূৰা পাহাৰৰ পৰা নামি অহা ঢেকীয়াপতীয়া বাঘে হাতীমূৰা অঞ্চলৰ অধিকাংশ লোকৰ গোহালিৰ গৰু, ছাগলী তথা পোহনীয়া জীৱ-জন্তু নিধন কৰি ত্ৰাসৰ সৃষ্টি কৰিছিল । বিগত দিন ধৰি জানিব পৰা মতে, শিলঘাট-কামাখ্যা সংযোগী পথত দৈনিক পহৰা দিছে বন বিভাগে ।