Rongali Bihu 2023: সমন্বয়ৰ বাণীৰে আৰম্ভ লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলন - Lakhimpur Central Rongali Bihu

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 30, 2023, 8:38 PM IST

লখিমপুৰ, ৩০এপ্রিল: লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলন উপলক্ষে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রাৰে মূখৰ হ'ল লখিমপুৰ নগৰ (Lakhimpur Central Rongali Bihu)। লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনে এইবাৰ ৬৫টা বসন্ত অতিক্রম কৰিছে । লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা এই ৰঙালী বিহু সন্মিলনৰ প্ৰথম দিনটোত পুৱা কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ পতাকা উত্তোলন কৰে সন্মিলনৰ সভাপতি উদয় শংকৰ হাজৰিকাই । বিহুৰ পতাকা উত্তোলন কৰে বিহু সন্মিলনৰ কাৰ্যকৰী সভাপতি ডাঃ ভূপেন শইকীয়াই ।  

আনহাতে,স্মৃতি তৰ্পণ কৰে সন্মিলনৰ মূখ্য সমন্বয়ক যদুমণি বৰুৱাই (Rongali Bihu in Lakhimpur)। আদৰণি তোৰণ উন্মোচন কৰে পৌৰপতি নিবেদিতা দত্তই । বয়োজ্যেষ্ঠক সম্বৰ্ধনা, কণী যুঁজ আদি বিভিন্ন কাৰ্যসূচীৰ পাছতে বিয়লি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই । বিভিন্ন জাতি জনগোষ্ঠীৰ সোণসেৰীয়া সংস্কৃতি, বুৰঞ্জী তথা ধৰ্মীয় কাহিনীৰ চিত্রায়ন কৰি জীৱন্ত ৰূপ দিয়া শোভাযাত্রাই সকলোৰে চিত্রাকৰ্ষণ কৰে ।  

উল্লেখ্য লখিমপুৰ ৬৫ তম কেন্দ্রীয় ৰঙালী বিহু সন্মিলন উপলক্ষে যোৱা গৰু বিহুৰ দিনাই আৰম্ভণি কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল । নগৰৰ সমীপৰ পাচ নৈ এলেকাৰ কেইবাখনো গাঁৱৰ ৰাইজৰ সহযোগত ৰঙানদীত গৰুক গা ধুৱাই এই সন্মিলনৰ শুভাৰম্ভ কৰা হৈছিল ।

লগতে পঢ়ক:Royal Bengal Tiger at Kaliabor: আইন ভংগ কৰি ৰাইজে বাঘ চাবলৈ ভিৰ কৰাত ১৪৪ ধাৰা বলৱৎ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.