Rongali Bihu at Faridabad : ফৰিদাবাদত ৰঙালী বিহু উদযাপন - Rongali Bihu celebrated in Faridabad
🎬 Watch Now: Feature Video

নগাঁও, ২৫ এপ্রিল : ফৰিদাবাদত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় (Rongali Bihu celebrated in Faridabad)। ফৰিদাবাদত প্ৰবাসী অসমীয়াই উদযাপন কৰিলে ৰঙালী বিহু । সীমান্ত শেখৰ আৰু সুবাসনা দত্তৰ বিহুগীতত বাদ্যসংগত কৰিলে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই (MLA Rupak Sharma at Rongali Bihu at Faridabad)।
উল্লেখ্য় যে, যোৱা ২৩ এপ্ৰিলত ফৰিদাবাদত আসাম এছ'চিয়েছনৰ উদ্যোগত প্ৰবাসী অসমীয়াসকলে আয়োজন কৰা ৰঙালী বিহুৰ অনুষ্ঠানৰ মঞ্চ মুকলি কৰে বিধায়ক ৰূপক শৰ্মাই । এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা বিধায়কগৰাকীয়ে সীমান্ত শেখৰ আৰু সুবাসনা দত্তৰ এটি গীতত বাদ্যসংগত কৰি প্ৰবাসী অসমীয়াসকলৰ লগত বিহু উদযাপন কৰে । ৰঙালী বিহুৰ মুকলি সাংস্কৃতিক অনুষ্ঠানত ড্ৰাম বজাই সকলোকে আপ্লুত কৰিলে বিধায়ক ৰূপক শৰ্মাই ।
লগতে পঢ়ক : Angkita Dutta updates: কোন দিশে অংকিতা দত্তৰ ৰাজনৈতিক ভৱিষ্যৎ; ৰাজ্যত চলিছে সৰৱ চৰ্চা