Rongali Bihu in Chicago: ঢোল পেঁপাৰ লহৰত ৰজনজনাই উঠিল ছিকাগো চহৰ; প্ৰবাসী অসমীয়াৰ ৰঙালী বিহু উদযাপন - ঢোল পেঁপাৰ শব্দেৰে ৰজনজনাই উঠিল ছিকাগো
🎬 Watch Now: Feature Video
গুৱাহাটী, ২৫ এপ্ৰিল: সকলোতে এতিয়া ৰঙালীৰ উছাহ । বাদ পৰি ৰোৱা নাই প্ৰবাসী অসমীয়াসকলো (Rongali Bihu in America)৷ আমেৰিকাৰ ছিকাগোত শুনা গ'ল ঢোল, পেঁপা, গগণাৰ মাত ৷ শনিবাৰে আছাম এছ'চিয়েচন অৱ গ্ৰেটাৰ ছিকাগোৰ উদ্যোগত চিকাগো চহৰৰ আচিয়ানা বেংকেট হলত উদযাপন কৰা হয় ৰঙালী বিহু ৷ ওচৰ চুবুৰীয়া ৰাজ্যসমূহত বাস কৰা সকলো অসমীয়াই অংশ গ্ৰহণ কৰে এই অনুষ্ঠানত ৷
বিদেশত অসমীয়াৰ কলা-সংস্কৃতিৰ শিপা ধৰি ৰখাৰ প্ৰচেষ্টা সকলোৰে আছে (Rongali Bihu at Asean Banket in Chicago )। সেয়েহে আমেৰিকাত জন্মগ্ৰহণ কৰা নৱ প্ৰজন্ময়ো চেষ্টা কৰিছে বৰগীত পৰিৱেশনৰ ৷ বলকা দাসৰ সত্ৰীয়া নৃত্যৰ লগতে লক্ষীন্দৰ শৰ্মা আৰু দিগন্ত কলিতাৰ নেতৃত্বত প্ৰজ্ঞান শৰ্মা, সীদ্ধাৰ্থ গৌতম বৰুৱা, পংকজ ভূঞা, অজন্তা তালুকদাৰ, দৰ্শনা শৰ্মা, মিনাক্ষী বৰুৱা, তৃষ্ণালী নেওগ, মেঘালী মজুমদাৰ আৰু ৰূপনীতা ভাগৱতীৰ ‘‘বৰলুইত হুঁচৰি দল’’ৰ হুঁচৰি প্ৰদৰ্শনে সকলোকে আপ্লুত কৰে ৷
আনহাতে, ইছানা লক্ষীন্দৰে বৰগীত আৰু সাতভনী বিহু নাচ প্ৰদৰ্শন কৰে । আধুনিক গীত পৰিবেশন কৰে ডলী পাঠকে । শিশু আৰু জ্যেষ্ঠসকলৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা এইবছৰৰ ছিকাগো ৰঙালী বিহুত পৰিবেশন কৰা মুকলি বিহুৱে স্থানীয় ছিকাগোবাসীকো আকৃষ্ট কৰে । উল্লেখ্য যে, ১৯৭৮ চনত ছিকাগোত অসমীয়া লোকসকলৰ মাজলৈ আহিছিল ভাৰতৰত্ন ড° ভূপেন হাজৰিকা ৷ সেই কথা সুৱঁৰি আৱেগিক হৈ পৰে কেইবাগৰাকী বয়োজ্যেষ্ঠ ৷
লগতে পঢ়ক:Gunotsav 2023 Result : গুণোৎসৱ ২০২৩ৰ ফলাফল ঘোষণা; শীৰ্ষত পুনৰ শিৱসাগৰ, শেষত কাৰ্বি আংলং