thumbnail

By

Published : Aug 4, 2023, 9:23 PM IST

ETV Bharat / Videos

Stay on Rahul Gandhi conviction: এয়া কংগ্ৰেছৰ জয় নহয়, গণতন্ত্ৰৰ জয়- ৰকিবুল হুছেইন

নগাঁও, 4 আগষ্ট : ৰাহুল গান্ধীৰ সাংসদ পদ ঘূৰাই পোৱাৰ বাট প্ৰশস্ত হোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ ৰকিবুল হুছেইনৰ। শুকুৰবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সকাহ দি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়দানৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে। 

ৰকিবুল হুছেইনে কয় যে ‘‘২০২৪ ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী। আজি বিজেপিয়ে ভয় খাইছে। সাংসদত যেতিয়া ৰাহুল গান্ধী সোমাব সেইদিনা বিজেপি ভয়ত কম্পমান হৈ পৰিব। এইয়া কেৱল কংগ্ৰেছৰ জয় নহয়। এইয়া গণতন্ত্ৰৰ জয়। দেশৰ প্ৰতিগৰাকী দুখীয়া খাটি খোৱা ৰাইজৰ জয়। উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক স্বাগতম জনাইছো।’’ 

ইফালে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়দানৰ পিচতে পাচতে নগাঁৱৰ ৰাজীৱ ভৱনত এইদৰে কংগ্ৰেছ কৰ্মীয়ে ইজনে সিজনক মিঠাই খুৱাই আৰু ফটকা ফুটাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়। 

লগতে পঢ়ক: Stay on Rahul Gandhi conviction: উচ্চতম ন্যায়ালয়ৰ ৰায়দানক আদৰণি প্ৰদেশ কংগ্ৰেছৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.