Robbery Incident: চোকা অস্ত্ৰ দেখুৱাই বন্ধন বেংকৰ এজেন্টৰ পৰা ডকাইতে লুটিলে 95 হাজাৰ টকা - এজেন্টৰ ওপৰত লুটপাত
🎬 Watch Now: Feature Video
তিনিচুকীয়া, 18 এপ্ৰিল : ডুমডুমা বাইপাচৰ ৰঙাজানত দিন ডকাইতিৰ ঘটনা সংঘটিত হৈছে (Robbery Incident at Tinsukia) ৷ চোকা অস্ত্ৰৰে হত্যা কৰাৰ ভাবুকি দি বন্ধন বেংকৰ এজেন্টৰ পৰা ডকাইতৰ দলে লুটি নিলে প্ৰায় 95 হাজাৰ টকা (Rs 95000 looted by dacoits) ৷
ঘটনাৰ বিৱৰণী অনুসৰি তিনিচুকীয়া জিলাৰ ডুমডুমা বাইপাচৰ ৰঙাজান প্ৰাৰ্থমিক বিদ্যালয়ৰ সমীপত এখন ক'লা ৰঙৰ পালচাৰ মটৰ চাইকেলত অহা দুটাকৈ ডকাইতে বন্ধন বেংকৰ এগৰাকী এজেন্টৰ ওপৰত লুটপাত চলাই ৷ ধীৰাজ লাহন নামৰ বন্ধন বেংকৰ এজেন্টগৰাকীয়ে ডিৰাকৰ সৰুমেছাইৰ পৰা বন্ধন বেংকৰ টকা সংগ্ৰহ কৰি মটৰ চাইকেলেৰে ডুমডুমাৰ কাৰ্যালয়ত জমা দিবলৈ গৈ থকাৰ সময়তেই এই ঘটনা সংঘটিত হয় (Robbery robbed showing sharp weapons)।
এখন ক'লা ৰঙৰ পালচাৰ মটৰ চাইকেলত পাচে পাচে আহি এজেন্ট ধীৰাজ লাহনে চলাই থকা মটৰ চাইকেলখন গুৰিয়াই পথৰ ওপৰত পেলাই ধীৰাজ লাহনৰ ডিঙিত চোকা অস্ত্ৰ লগাই টকাৰ বেগ লুটি নিয়ে ৷
লগতে পঢ়ক: Division in KLO : কেএলঅ’ৰ নেতাক বহিষ্কাৰ; জীৱন সিংহক ৰ’ৰ এজেণ্ট আখ্যা
এই ঘটনাৰ পিচতে এজেণ্টজনে আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰাত ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ ঘটনা সম্পৰ্কে তদন্ত আৰম্ভ কৰে ৷ উল্লেখযোগ্য যে, ডুমডুমাত পূৰ্বতেও বন্ধন বেংকৰ এজেন্টৰ ওপৰত এনেধৰণৰ ডকাইতিৰ কেইবাটাও ঘটনা সংঘটিত হৈছে ৷