পথ সজাগতাৰ বাৰ্তা লৈ নিশা মাজুলীত উপস্থিত মন্ত্ৰী পৰিমল শুক্লবৈদ্য - Road Safety Awareness Campaign in Assam

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 10:10 AM IST

মাজুলী, 3 ডিচেম্বৰ : বাইক চলাওতে হেলমেট পৰিধান, সুৰা সেৱন নকৰা আদি বিষয়ত পথ সজাগতাৰ বাৰ্তা লৈ বাইক চলাই শনিবাৰে নিশা মাজুলীত উপস্থিত হ’ল মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ ৰাজ্যজুৰি আৰম্ভ কৰা হৈছে পথ সুৰক্ষা সজাগতা অভিযান ৷ সেয়ে ৰাইজৰ মাজত পথ সুৰক্ষাৰ সজাগতা অনাৰ উদ্দেশ্যেৰে ৰাজ্যৰ এখনৰ পাচত আন এখন জিলাত বাইক চলাই উপস্থিত হৈছে মন্ত্ৰীগৰাকী ৷

দেওবাৰে সন্ধিয়া মাজুলী-লখিমপুৰৰ সীমান্তৱৰ্তী মাজৰ দেউৰীৰ খেৰকটীয়া দলঙৰ পাৰত জিলা প্ৰশাসনে আদৰণি জনাই মন্ত্ৰীগৰাকীক ৷ মন্ত্ৰী শুক্লবৈদ্য কয় যে, ৰাইজে এক সুৰক্ষিত পথ বিচাৰে, যি পথৰ জৰিয়তে আমাৰ জীৱন পৰিক্ৰমা স্বাভাৱিক হয় ৷ তেওঁ কয় যে, এই যাত্ৰা কোনো ৰাজনৈতিক উদ্দেশ্য লৈ নহয় ৷ ৰাইজক সজাগ কৰিবলৈহে এই যাত্ৰা কৰা হৈছে ৷

লগতে পঢ়ক : ৰাস চাই গুৱাহাটীলৈ উভতিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.