Flood in Kaliabor : পাহাৰৰ পৰা নামি অহা ঢলে উটুৱাই নিলে জাওঁকাটা-বামুণী সংযোগী পথ - চাহ জনগোষ্ঠী
🎬 Watch Now: Feature Video
কলিয়াবৰ, 29 জুলাই : বামুণী পাহাৰৰ পৰা নামি অহা ঢলে উটুৱাই নিলে জাওঁকাটা আৰু বৃহত্তৰ বামুণী সংযোগী পথ ৷ চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চল জাওঁকাটাত পুৱাই কাৰ্বি পাহাৰৰ পৰা নামি অহা ঢলে উটুৱাই নিলে পথছোৱা ৷
চিকনি বৰহোলা গাওঁ পঞ্চায়তে নিৰ্মাণ কৰা পথছোৱাত নিৰ্মাণৰ বিসংগতিৰ বাবে ভাঙি যোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ নিম্নমানৰ কাম কৰাৰ অভিযোগ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ৷ দুবছৰৰ পূৰ্বে চিকনি বৰহোলা পঞ্চায়তে নিৰ্মাণ কৰিছিল পথছোৱা ৷
কিন্তু পথছোৱাৰ নিৰ্মাণ কাৰ্যত মাত্ৰ এটা কালভাৰ্ট ব্যৱহাৰ কৰে ৷ সেয়ে তীব্ৰ বেগত অহা পাহাৰীয়া ঢলে নিমিষতে ভাঙি পেলায় পথছোৱা ৷ উল্লেখ্য যে, দৈনিক সহস্ৰাধিক লোকৰ অহা-যোৱা কৰা পথেদি বহু ছাত্ৰ-ছাত্ৰীয়ে বামুণীস্থিত তিনিখনকৈ চৰকাৰী বিদ্যালয়ত অধ্যয়নৰ বাবে অহা যোৱা কৰে ৷
স্থানীয় ৰাইজৰ অভিযোগ মতে পঞ্চায়তে অতি নিম্নমানৰ কাম কৰাৰ বাবেই জীয়াতু ভুগিছে বহু কেইখন গাঁৱৰ জনসাধাৰণে ৷ সেয়ে পথছোৱা পুনৰ নিৰ্মাণ কৰি যাতায়তৰ সুচল কৰি তুলিবলৈ দাবী কৰিছে স্থানীয় লোকে ৷
লগতে পঢ়ক : Strom Hit in Rangapara: ৰঙাপৰাত ধুমুহাৰ তাণ্ডৱ, বিস্তৰ ক্ষতি কেইবাখনো দোকানৰ