Road accident in Assam: দক্ষিণ কামৰূপৰ কুকুৰমাৰাত এম্বুলেঞ্চ-ডাম্পাৰৰ সংঘৰ্ষত আহত দুই - দক্ষিণ কামৰূপত পথ দুৰ্ঘটনা
🎬 Watch Now: Feature Video


Published : Nov 13, 2023, 4:26 PM IST
|Updated : Nov 13, 2023, 4:43 PM IST
গুৱাহাটী, ১৩ নৱেম্বৰ: দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ সমীপৰ বৰতেজপুৰত এম্বুলেঞ্চ আৰু ডাম্পাৰৰ মাজত হোৱা সংঘৰ্ষত আহত হৈছে দুজন লোক । AS-01NC-9209 নম্বৰৰ ছয়গাঁও অভিমুখী ডাম্পাৰ আৰু AS-01KC-6243 নম্বৰৰ গুৱাহাটী অভিমুখী এম্বুলেঞ্চৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাত এই দুৰ্ঘটনাটো সংঘটিত হয় । এই দুৰ্ঘটনাটোত পতিত দুয়োখন বাহন ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা ৰেলিঙত আবদ্ধ হৈ থাকে ।
উল্লেখ্য যে তীব্ৰ বেগেৰে ৰোগী কঢ়িয়াই অনা এম্বুলেঞ্চখনে এখন গুৱাহাটী অভিমুখী বাছক অতিক্ৰম কৰিবলৈ লওঁতে সংঘটিত হয় এই দুৰ্ঘটনাটো । ফলত এম্বুলেঞ্চখনৰ ভিতৰত থকা সংকটজনক ৰোগী আঘাতপ্ৰাপ্ত হয় । পিছত বিজয়নগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত ৰোগী দুজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক:Fasal Bima Yojana in Assam : অসমত ব্যৰ্থ প্রধানমন্ত্রী ফচল বীমা যোজনা; বৃদ্ধি পাইছে কৃষকৰ অনীহা