thumbnail

By

Published : Apr 12, 2023, 10:49 PM IST

ETV Bharat / Videos

Road Accident: ভয়ংকৰ পথ দুৰ্ঘটনা; কথমপি প্ৰাণ ৰক্ষা 5 গৰাকীৰ

আমগুৰি, ১২ এপ্ৰিল: শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত জাঁজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Jhanji)৷ যোৰহাটৰ পৰা শিৱসাগৰ অভিমুখে আহি থকা AS 01 P C 8450 নম্বৰৰ মালবাহী ট্ৰাকখনে AS 12H 0372 নম্বৰৰ বাইকখনক খুন্দা মৰাৰ পিচতেই বিপৰীত দিশৰ পৰা আহি থকা AS 01 BP 5952 নম্বৰৰ ইন'ভা এখনক মহাতিয়াই নিয়ে ৷ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১৫ ফুট তলৰ খাৱৈত ইন'ভা বাহনখনৰ ওপৰত মালবাহী ট্ৰাকখন বাগৰি পৰে । 

এই ভয়ংকৰ দুৰ্ঘটনাত ইন'ভাত থকা চাৰি আৰোহী আৱদ্ধ হৈ পৰে (5 injured in Road Accident)  ৷ লগে লগে ঘটনাস্থলীত গৌৰীসাগৰ আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত ইন'ভাত থকা তিনিজন ব্যক্তিক উদ্ধাৰ কৰে যদিও অনল কুমাৰ শৰ্মা নামৰ ড্ৰাইভাৰজন আৱদ্ধ হৈ পৰে ৷ প্ৰায় তিনি ঘন্টাৰ প্ৰচেষ্টা আৰু এচ ডি আৰ এফ বাহিনীৰ সহযোগত ড্ৰাইভাৰজনক গাড়ী কাটি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷  

লগতে পঢ়ক: Kaliabor Female Bihu husori: কলিয়াবৰত মহিলা হুঁচৰি দলৰ বিহুৰ প্ৰস্তুতি

এই পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত পাঁচজনকৈ ব্যক্তিক ততাতৈয়াকৈ জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, জাঁজীৰ পৰা গৌৰীসাগৰলৈ চাৰিলেনযুক্ত পথটো নিৰ্মাণকাৰী সংস্থাই অতি লেহেমীয়া গতিৰে নিৰ্মাণ কৰাৰ ফলতেই সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.