Road accident in Jonai: নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছ বাগৰিল দলঙৰ ওপৰত - নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছ বাগৰিল দলঙৰ ওপৰত
🎬 Watch Now: Feature Video

জোনাইৰ দিখাৰী দলঙৰ ওপৰত ভয়াৱহ পথ দুৰ্ঘটনা (Road accident at Dikhari bridge in Jonai)। মঙলবাৰে পুৱা জোনাই মহকুমাৰ অন্তৰ্গত তেলাম লক্ষীপুৰৰ দিখাৰী দলঙৰ ওপৰত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ ৷ জোনাইৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিখাৰী নদীৰ দলঙৰ ওপৰত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ অৰুণাচলৰ পাছিঘাটৰ পৰা তিনিচুকীয়াৰ দিশে গৈ থকা মা পানৈ নামৰ যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে (The accident occurred when the vehicle lost control) ৷ দুৰ্ঘটনাটোত বাছত থকা যাত্ৰীসকলৰ সৌভাগ্যক্ৰমে একো নহ’ল যদিও কম বেছি পৰিমানে একাংশ যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথচোৱাত ব্যাহত হয় যান বাহনৰ চলাচল ৷ ফলত বহু যাত্ৰী অসুবিধাৰ সন্মুখীন হ’ব লগা হয় ৷
Last Updated : Feb 3, 2023, 8:24 PM IST