Road accident at Amguri: আমগুৰিত ডাম্পাৰে মহতিয়ালে স্কুটী আৰোহীক - Amguri Hospital
🎬 Watch Now: Feature Video
আমগুৰি, ৯ মাৰ্চ: শিৱসাগৰ জিলাৰ আমগুৰিৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা (Accident in Amguri)। এই পথ দুৰ্ঘটনাত এখন ডাম্পাৰে মহতিয়াই নিলে স্কুটী আৰোহীক । এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুই স্কুটী আৰোহী । জাঁজীৰ পৰা আমগুৰিৰ দিশে আহি থকা AS04 BC8431নম্বৰৰ ডাম্পাৰখনে AS04 AD 9551নম্বৰৰ স্কুটীখনত পিছফালৰ পৰা মহতিয়াই নিয়ে । ফলত স্কুটীত অহা অংশুমান গগৈ আৰু হিৰণ্য গগৈ নামৰ যুৱক দুজন উফৰি পৰে ।
ঘটনাটো সংঘটিত হোৱাৰ পিচতে আঘাটপ্ৰাপ্ত দুই যুৱকক আমগুৰি সামূহিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় (Amguri Hospital)। অৱশ্য়ে আঘাত গুৰুতৰ হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে আমগুৰিত দীৰ্ঘদিনৰ পৰা ডাম্পাৰৰ দৌৰাত্মৰ কাৰণে বহুতো দুৰ্ঘটনা সংঘটিত হৈ আহিছে । দুৰ্ঘটনাত বহুকেইজন যুৱকেও অকালতে মৃত্যুক সাৱতি লৈছে (Dumper terror in Sivasagar)। আমগুৰিৰ বহুকেইটা জাতীয় সংগঠনে দিনৰ ভাগত ডাম্পাৰ চলাচল বন্ধ কৰিবলৈ দাবী জনাই আহিছে যদিও প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।
লগতে পঢ়ক: Embankment of Jiyadhal River: জীয়াঢলৰ মথাউৰি নিৰ্মাণ লেহেমীয়া হোৱাত ক্ষুব্ধ মন্ত্ৰী