Assam HS result 2023: ৯২.৪ শতাংশ নম্বৰৰে বাণিজ্য শাখাৰ অষ্টম স্থানত ৰিশিতা শৰ্মা - HS exam results 2023
🎬 Watch Now: Feature Video

তিনিচুকীয়া, ৬ জুন: আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত তিনিচুকীয়া জিলাৰ তালাপৰ ৰিশিতা শৰ্মাই বাণিজ্য শাখাত অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে (HS exam results 2023)। তেওঁ ডিব্ৰুগড়ৰ ছল্ট ব্ৰুকৰ পৰা বাণিজ্য শাখাত ৯২.৪ শতাংশ নম্বৰ লাভ কৰি অষ্টম স্থান দখলেৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ প্ৰয়াত তপন শৰ্মা আৰু শ্ৰীতিৰেখা শৰ্মাৰ কন্যা ৰিশিতা শৰ্মাই এতিয়া বাণিজ্য শাখাতে অধ্যয়ন কৰিব । তেওঁ স্নাতকত বেংকিঙত অধ্য়য়নৰ পৰিকল্পনা কৰা বুলি কয় (Rishita Sarma secured 8th positions in commerce) ৷
অধ্যয়ন কৰাটো নিজৰ কৰ্তব্য় বুলি জ্ঞান কৰি প্ৰতিটো সমস্যা শিক্ষকৰ স'তে আলোচনা কৰা বাবে আজি সাফল্য় অৰ্জন কৰা বুলি কয় ৰিশিতাই ৷ এইক্ষেত্ৰত মাতৃৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলক বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছে ৰিশিতাই ৷
লগতে পঢ়ক:Assam HS result 2023: 480 নম্বৰ লাভ কৰি ৭ম স্থানত উজ্জ্বলিছে স্ববনম শইকীয়া