thumbnail

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 4:43 PM IST

ETV Bharat / Videos

Poacher Arrested: চিৰাঙৰ পানবাৰীত গঁড়ৰ খৰ্গসহ এজনক গ্ৰেপ্তাৰ

চিৰাং, 10 ছেপ্টেম্বৰ: চিৰাঙৰ পানবাৰীত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গ, হৰিণাৰ শিং, পিষ্টলসহ এজনক গ্ৰেপ্তাৰ ৷ চোৰাং চিকাৰীৰ সন্ধানত বহু দিনৰ পৰাই চিৰাঙত বন বিভাগে চলাই আছিল অভিযান ৷ বন বিভাগ আৰু আৰক্ষীয়ে চোৰাং চিকাৰীৰ বিৰুদ্ধে চিৰাঙত অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে ৷  

বিগত মাহত চিৰাঙত এটা দুৰ্ধৰ্ষ গঁড় চিকাৰীক আৰক্ষীয়ে এনকাউন্টাৰ কৰাৰ লগতে কেইবাটাও গঁড় চিকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷ বন বিভাগৰ হাতত থকা গোপন তথ্যৰ ভিত্তিত চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগে আৰক্ষীৰ সহযোগত অভিযান অব্যাহত ৰাখিছিল ৷

শনিবাৰে নিশা চিৰাঙৰ, বিজনীৰ পানবাৰীত বন বিভাগৰ অভিযানত এটা গঁড়ৰ খৰ্গ, হৰিণাৰ শিং আৰু পিষ্টলসহ এটা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বিভাগ ৷ ধৃত অপৰাধীটো পাণবাৰীৰ বগিদ্বাৰা গাঁৱৰ নিবাসী ছফিউৰ ৰহমান (৫৫) বুলি জানিব পৰা গৈছে ৷  

শনিবাৰে নিশা পানবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মী আৰু চিআৰপিএফৰ যৌথ অভিযানত ধৃত ছফিউৰ ৰহমানৰ গৃহৰ পৰা জব্দ কৰা হয় এই সামগ্ৰীসমূহ ৷ ধৃত ছফিউৰ ৰহমান এই বিষয়ে তেওঁ একো নাজানে বুলি অভিযোগ কৰিছে ৷ এজন লোকে এটা বস্তাত ভৰাই থোৱা অৱস্থাত সামগ্ৰীখিনি তেওঁৰ ঘৰত থবলৈ দিছিল আৰু সেই মতে তেওঁ ঘৰতে ৰাখিছিল যদিও বস্তাটোৰ ভিতৰত কি আছে সেই বিষয়ে অজ্ঞ বুলি জানিবলৈ দিয়ে ৷ বন বিভাগে ছফিউৰ ৰহমানক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷ 

লগতে পঢ়ক : Tortoise rescued: দুলীয়াজানত দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছসহ দুজনক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.