Rhino body recovered: মানাহ ৰাষ্ট্ৰীয় উদ্যানত মৃত অৱস্থাত গঁড় উদ্ধাৰ
🎬 Watch Now: Feature Video
বাক্সা, 2 আগষ্ট : মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড়ৰ মৃত্যু ৷ বাঁহবাৰী ৰেঞ্জৰ কাহিটেমা বীটৰ অন্তৰ্গত এলেকাত 31 জুলাইৰ নিশা উদ্ধাৰ কৰা হয় মৃত গঁড়টোৰ কংকাল ৷ মৃত গঁড়টো উপ-প্ৰাপ্তবয়স্ক (Sub Adult) মাইকী গঁড় বুলি জানিব পৰা গৈছে ৷ পৰস্পৰৰ মাজত হোৱা যুঁজত এটা প্ৰাপ্তবয়স্ক গঁড়ৰ আক্ৰমণত গঁড়টোৰ মৃত্যু হোৱা বুলি দাবী কৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই ৷
মৃত গঁড়টোৰ খৰ্গটো প্ৰাপ্তবয়স্ক পৰ্যায়ত থকা নাই বুলি দাবী কৰে কৰ্তৃপক্ষই ৷ ইফালে গঁড়টোৰ মৃত্যুক লৈ বিভিন্নজনে বহু প্ৰশ্ন উত্থাপন কৰিছে ৷ এয়া মানাহ উদ্যান কৰ্তৃপক্ষৰ গাফিলতিৰ পৰিণতি বুলি দাবী কৰিছে স্থানীয় ৰাইজে ৷ চোৰাং চিকাৰীৰ আগ্ৰাসন বৃদ্ধি হোৱাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ৷
বিভাগে সদৰী কৰা অনুসৰি উদ্ধাৰ হোৱা গঁড়ৰ কংকালটো মাত্ৰ দুই-তিনিদিন পুৰণি কংকাল বুলি মানি ল'বলৈ অস্বীকাৰ একাংশৰ ৷ উল্লেখ্য যে, যোৱা 30 জুনত কাহিটেমা বীটতে উদ্ধাৰ হৈছিল আন এটা গঁড়ৰ কংকাল ৷
লগতে পঢ়ক: Spice Prices Skyrocketed: বজাৰত হোৰা হোৰে বৃদ্ধি পাইছে মছলাৰ দাম