ঘন্টাজোৰা প্ৰচেষ্টাৰ অন্তত ট্ৰেংকুইলাইজ হ’ল দেৰগাঁৱত আতংকৰ সৃষ্টি কৰা ভালুকটো - ট্ৰেংকুইলাইজ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-12-2023/640-480-20260444-thumbnail-16x9-dergaon.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 13, 2023, 8:26 PM IST
গোলাঘাট, 13 ডিচেম্বৰ : অৱশেষত কেইবা ঘন্টাজোৰা প্ৰচেষ্টাৰ অন্তত বন বিভাগে ট্ৰেংকুইলাইজ কৰিবলৈ সক্ষম হ’ল দেৰগাঁৱত আতংকৰ সৃষ্টি কৰা ভালুকটো ৷ বিগত 20 দিনতকৈও অধিক সময় দেৰগাঁৱৰ ভিন্ন প্ৰান্তত আতংকৰ সৃষ্টি কৰি আহিছিল ভালুকটোৱে ৷
বিশেষকৈ নিশাৰ ভাগত স্থানীয় ৰাইজৰ গঁৰালৰ পৰা হাঁহ, কুকুৰা খাই একপ্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ভালুকটোৱে ৷ তদুপৰি সন্ধিয়া হোৱাৰ লগে লগে ভালুকৰ আতংকত ঘৰৰ পৰা ওলাবলৈ ভয় কৰা হৈছিল দেৰগাঁৱৰ জেলেহুৱা গাঁৱৰ লগতে কাষৰীয়া অঞ্চলৰ ৰাইজ ৷
বন বিভাগৰ এটা দলে সন্ত্ৰাসৰ সৃষ্টি কৰা ভালুকটোৰ সন্ধানত বিভিন্ন স্থানত অভিযান চলাইছিল যদিও সফল হ'ব পৰা নাছিল ৷ অৱশেষত আজি পুৱাৰে পৰা জেলেহুৱা গাঁৱৰ এখন সৰু চাহ বাগিচাত সোমাই থকা অৱস্থাত ভালুকটো ট্ৰেংকুইলাইজ কৰিবলৈ সক্ষম হয় বন বিভাগ ৷ ভালুকটোক উদ্ধাৰ কৰি কাজিৰঙালৈ লৈ গৈছে বন বিভাগে ৷
লগতে পঢ়ক : শীতৰ মাজতে খোৱাঙত প্ৰচণ্ড শিলাবৃষ্টি ; শস্যভূমিৰ বিস্তৰ ক্ষতিসাধন