Child labour rescue operation:মুকালমুৱাত শিশু শ্ৰমিক বিৰোধী অভিযান
🎬 Watch Now: Feature Video
নলবাৰী,14 জুন: নলবাৰীৰ মুকালমুৱাত শিশু শ্ৰমিক বিৰোধী অভিযান । বিশ্ব শিশু শ্ৰম বিৰোধী দিৱসৰ লগত সংগতি ৰাখি জিলা শিশু সুৰক্ষা বিভাগৰ এই অভিযান ৷ বুধবাৰে নলবাৰী জিলা শিশু সুৰক্ষা বিষয়া আৰু মুকালমুৱা আৰক্ষী প্ৰশাসনৰ সহযোগত বৰক্ষেত্ৰী ব্লকত চলে শিশু শ্ৰমিক বিৰোধী অভিযান । মুকালমুৱা ,আদাবাৰী, লোহাৰকাঠা, শনিৰোড আদি অঞ্চলত অভিযান চলাই 6 টাকৈ শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় শিশু সুৰক্ষা দলটোৱে । বিভিন্ন হোটেল, ৰেষ্টুৰেন্ট , গাড়ীৰ গেৰেজ আদিত অভিযান চলাই 6 টাকৈ শিশু শ্ৰমিকক উদ্ধাৰ কৰে । শিশু শ্ৰমিক কেইটাক উদ্ধাৰ কৰাৰ পিছতে নলবাৰী জিলাৰ শিশু কল্যাণ সমিতিক গতাই দিয়ে । লগতে শিশু শ্ৰমিককেইজনক নিয়োগ কৰা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীকেইজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব দিয়ে জিলা শিশু সুৰক্ষা বিষয়াই ।
লগতে পঢ়ক:Dhola robbery case: ঢলাৰ বৰমূৰা মিৰিপথাৰ গাঁৱত ডকাইতি কাণ্ড