thumbnail

কীৰ্তন ঘোষাৰ আৰ্হি সন্নিবিষ্ট পুন:মুদ্ৰিত গ্ৰন্থ উন্মোচন

By

Published : Aug 31, 2022, 3:07 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

শ্ৰী শ্ৰী বৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ লীলাকান্ত মহন্তৰ সম্পাদনাত কীৰ্তন ঘোষাৰ আৰ্হি সন্নিবিষ্ট পুন:মুদ্ৰিত গ্ৰন্থ উন্মোচন কৰা হয়(Reprinted book containing samples of Kirtan Ghosha) । শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত কীৰ্তন ঘোষা আৰু নামঘোষাৰ উপলক্ষ এই সম্পাদনা গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছে(Kirtanghosha Naamghosha) । আজি শিৱসাগৰ নগৰৰ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক,শিক্ষাবিদ তথা সমাজকৰ্মী খগেন্দ্ৰনাথ ভূঞাই এই গ্ৰন্থখন উন্মোচন কৰে(Sivsagar commerce college) । অসমীয়া সমাজ জীৱনৰ অংশ কীৰ্তন ঘোষা আৰু নামঘোষাৰ পদ-ঘোষাসমূহ ব্যৱহাৰিক জীৱনৰ আধ্যাত্মিক দিশত প্ৰয়োগ আৰু উপলক্ষ অনুসৰি গাব লগা ধৰণে গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে । সেই মৰ্মে গুৰুজনাৰ আৱিৰ্ভাৱ, তিৰোভাৱ তিথি, জন্মাষ্টমী তিথি, বিপদগ্ৰস্ত মুমূৰ্ষ অৱস্থাত, অবিৰত ভাগৱত,গৃহ প্ৰৱেশ আদি বিভিন্ন সময়ত পাঠ কৰিবলগীয়া কীৰ্তন পাঠ সম্পৰ্কে এই নতুন সম্পাদিত গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছে । তুলসী শেনচোৱাই বন্তি প্ৰজ্বলন কৰা উক্ত উন্মোচনী অনুষ্ঠানত সম্পাদক লীলাকান্ত মহন্ত, লক্ষ্মীকান্ত মহন্ত, ড৹ নিৰুপমা মহন্ত আদিকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থকাৰ লগতে গ্ৰন্থ সম্পাদক লীলাকান্ত মহন্তৰ সুযোগ্য পুত্ৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ননীগোপাল মহন্ত আদিও উপস্থিত থাকে (Director General Of Police)। শিৱসাগৰৰ অৰুণোদয় প্ৰকাশনৰ হৈ বুবুল মহন্তৰ উদ্যোগত গ্ৰন্থখন প্ৰকাশ কৰি উলিওৱা হৈছে ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.