Brahma Dharma Samiti Summit : চিমেন চাপৰিত ব্ৰহ্মধৰ্ম সমিতিৰ ধৰ্মালোচনা সভা - UN Academy Simen Chapor
🎬 Watch Now: Feature Video
জোনাই, ৪ ফেব্ৰুৱাৰী : সদৌ ব্ৰহ্ম ধৰ্ম সমিতিৰ (Sodou Brahma Dharma Samiti) চিমেন আঞ্চলিকৰ সোণালী জয়ন্তী বৰ্ষ উৎসৱৰ লগতে সদৌ ব্ৰহ্ম ধৰ্ম সমিতিৰ চিমেন আঞ্চলিক যুৱ সমিতিৰ ১৭ সংখ্যক আৰু মহিলা সমিতিৰ ষষ্ঠ বছৰেকীয়া অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে (Brahma Dharma Samiti Summit)৷ চিমেন আঞ্চলিক ব্ৰহ্ম মন্দিৰত আয়োজন কৰা উক্ত অনুষ্ঠানৰ শনিবাৰে পুৱা ৮ বজাত সোমেশ্বৰী ওৱাৰী সোঁৱৰণী তোৰণ উদ্ধোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰীয়ে ৷
পুৱা ৯-১৫ বজাত শিৱচৰণ নাৰ্জাৰী সোঁৱৰণী মূল মণ্ডপ উদ্ধোধন কৰে ধেমাজি জিলা পৰিষদৰ সদস্যা সোভাৰাণী বসুমতাৰীয়ে । পুৱা ৮-২০ বজাত একেন্দ্ৰনাথ ব্ৰহ্ম সোঁৱৰণী ভোজনালয়ৰ দ্বাৰ উন্মোচন কৰে এবছুৰ অবিভক্ত লখিমপুৰ জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰবীণ নাৰ্জাৰীয়ে । ইয়াৰ পাছতে লীলানন্দ ব্ৰহ্ম সোঁৱৰণী প্ৰতিনিধি শিবিৰ উদ্ধোধন কৰে চিমেন আঞ্চলিক ব্ৰহ্মধৰ্ম মহিলা সমিতিৰ উপদেষ্টা জ্যোতিকা ব্ৰহ্মই । পুৱা ৯-৩০ বজাত স্বেচ্ছাসেৱক শিবিৰ উদ্ধোধন কৰে চমকং গাওঁ পঞ্চায়তৰ সভাপতি সুকুৰাম ব্ৰহ্মই ।
পুৱা ১০-৩০ বজাৰ পৰা চিমেন আঞ্চলিক ব্ৰহ্ম ধৰ্ম সমিতিৰ যুৱ সমিতিৰ সভাপতি ৰাণা দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা চিমেন আঞ্চলিক ব্ৰহ্ম ধৰ্ম যুৱ সমিতিৰ আলোচনা চক্ৰখন উদ্ধোধন কৰি অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম যুৱ সমিতিৰ সম্পাদক বিশ্বজিৎ স্বৰ্গীয়াৰীয়ে কয় এখন সমৃদ্ধিশালী আৰু সংস্কৃতিৱান সমাজ গঢ় দিবলৈ যুৱ সমাজৰ অভূতপূৰ্ব ভূমিকা আছে বুলি উল্লেখ কৰি এইক্ষেত্ৰত সংস্কাৰমুখী চিন্তাধাৰাত অৱতীৰ্ণ হৈ সুষ্ঠ শিষ্টাচাৰ আৰু আধ্যাত্মিকতাৰ জ্ঞান আহৰণ কৰিব লাগিব বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ।
আলোচনাচক্ৰত ‘‘যুৱ প্ৰজন্মৰ মাজত শিক্ষা আৰু আধ্যাত্মিকতাৰ প্ৰয়োজনীয়তা’’ শীৰ্ষক বিষয়ত আলোচনা আগবঢ়াই চিমেন চাপৰি ইউ এন একাডেমীৰ (UN Academy Simen Chapori) অধ্যক্ষ বিমল মুছাহাৰীয়ে কয় স্কুলীয়া জীৱনৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলে গুণগত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত মনোযোগ দিয়া উচিত ৷ অনুষ্ঠানত 'চিমেন আঞ্চলিক ব্ৰহ্ম ধৰ্ম যুৱ সমিতিৰ ইতিবৃত্ত, চেতনা আৰু উন্নয়ণ' বিষয়ত আলোচনা দাঙি ধৰে বড়ো সাহিত্য সভাৰ চিমেন প্ৰাথমিক সমিতিৰ সাধাৰণ সম্পাদক অমেশ ব্ৰহ্মই ৷
তেওঁ কয় যে গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ জীৱন-আদৰ্শ,দৰ্শন আৰু কৰ্মৰাজিৰ ভিত্তিত সমাজ সংস্কাৰক পদ্ধতিৰে সমাজ পৰিচালনা কৰিবলৈ ব্ৰহ্ম ধৰ্মৰ গুৰুত্ব অপৰিসীম বুলি উল্লেখ কৰি চিমেন চাপৰি অঞ্চলৰ ৰাইজৰ মাজত এই ধৰ্মৰ যুৱ আঞ্চলিক সমিতি দুটা দৰ্শকৰ পূৰ্বে গঠন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজ আধ্যাত্মিকভাৱে উপকৃত হ’বলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক: Asam Sahitya Sabha: সাহিত্যৰ নহয়, যেন ৰাজনৈতিক নেতাৰহে অধিৱেশন !