BJP leader suspicious dead : আবেলিৰে পৰা পৰিয়ালে লাভ কৰা নাছিল মৃত জোনালী নাথৰ শুংসূত্ৰ - বিজেপি নেত্ৰী জোনালী নাথৰ আত্মীয়ৰ মন্তব্য
🎬 Watch Now: Feature Video
গোৱালপাৰা, 12 জুন : বিজেপি নেত্ৰী জোনালী নাথৰ মৃত্যুক ৰাজনৈতিক হত্যাকাণ্ড আখ্যা দিছে পৰিয়ালৰ লোকে । জোনালীৰ পৰিয়ালৰ লোকে তেওঁ নিজ গৃহৰ পৰা দেওবাৰে বিয়লি 4.30 মান বজাত ওলাই যোৱাৰ পিছৰে পৰা জোনালীৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ কথা জানিবলৈ দিয়ে ।
ম’বাইল ফোনযোগে যোগাযোগ কৰিবলৈ পৰিয়ালে বহু চেষ্টা চলোৱাৰ পিছটো ফোন ব্যস্ত থকা দেখুওৱাৰ বাবে জোনালী নাথৰ লগত পৰিয়ালৰ লোকে যোগাযোগ স্থাপন কৰাত ব্যৰ্থ হৈছিল । পৰৱৰ্তী সময়ত সন্ধিয়া প্ৰায় 6.55 বজাত জোনালী নাথৰ ম’বাইল ফোনটো চুইটছ অফ হৈ পৰে ।
অৱশেষত নিশা জোনালীৰ পৰিয়ালৰ লোক মাটিয়া থানাত উপস্থিত হয় আৰু ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে ৷ ইয়াৰ পাচত আৰক্ষীয়ে বিচাৰ-খোচাৰ কৰাৰ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ শালপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উদ্ধাৰ কৰে বিজেপি নেত্ৰীগৰাকীৰ মৃতদেহ ।
জোনালীৰ পৰিয়ালে এই ঘটনাৰ লগত জড়িত দোষীক শীঘ্ৰে আটক কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনায় ৷
লগতে পঢ়ক : BJP leader suspicious dead : গোৱালপাৰাত বিজেপি নেত্ৰী জোনালী নাথক হত্যা !