thumbnail

জোনাইত শ্ৰীশ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 1:18 PM IST

জোনাই, ১৭ নৱেম্বৰ : উদুলি-মুদুলি এতিয়া ৰাজ্যৰ চৌদিশ ৷ কিয়নো শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱলৈ মাজত মাথোঁ কিছুদিন বাকী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰুক্মিণীআলি আঞ্চলিক যুৱক সংঘৰ উদ্যোগত জোনাইৰ ৰুক্মিণী আলি হাইস্কুলৰ খেলপথাৰত ২৭ আৰু ২৮ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীশ্ৰী কৃষ্ণ ৰাসলীলা । সেয়ে বৃহস্পতিবাৰে ৰাসলীলা মঞ্চৰ লাইখুঁটা স্থাপন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদকে ৷

ইফালে উক্ত ৰাসলীলাৰ বাবে উদযাপন সমিতিয়ে প্ৰস্তুতি তুংগত ৰাখিছে । ইয়াৰ সমান্তৰালকৈ ৰাসলীলাৰ আখৰাতো ব্যস্ত হৈ পৰিছে জোনাইৰ যুৱক-যুৱতীসকল ৷ আনহাতে, জোনাইৰ যুৱক-যুৱতীসকলক ৰাসৰ বাবে প্ৰশিক্ষণ দিয়াত ব্যস্ত হৈ পৰিছে প্ৰশিক্ষক জিতেন গগৈ আৰু কপিল গগৈ ৷

লগতে পঢ়ক : মহাবাহু বুকৱেদি কলিয়াবৰৰ শিলঘাটত উপস্থিত এঘাৰ পৰ্যটকৰ দল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.