Again Zubeen controversy: জুবিন গাৰ্গৰ অস্বাভাৱিক আচৰণক লৈ শিৱসাগৰত প্ৰতিক্ৰিয়া - Zubeen Garg in controversy

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 1, 2023, 3:16 PM IST

শিৱসাগৰ,১ মাৰ্চ: মঙলবাৰে নিশা শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আয়োজিত অখিল গগৈৰ উদ্যোগত অনুষ্ঠিত হৈ থকা প্ৰতিভা সন্ধানী প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে সৃষ্টি কৰা অনাহুত পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে(Reaction over Zubeen Garg controversy in Sivasagar) । শিল্পীগৰাকীয়ে অনুষ্ঠানটোত কৰা অস্বাভাৱিক আচৰণৰ বাবে দুখ প্ৰকাশ কৰি অনুষ্ঠানটোৰ উদ্য়োক্তাসকলেও ব্যক্ত কৰিছে তেওঁলোকৰ মনৰ ভাৱ ।  

উদ্যোক্তাসকলে কয় যে, জুবিন গাৰ্গৰ এনে অস্বাভাৱিক আচৰণে তেওঁলোকক তথা শিৱসাগৰবাসীক হতাশ কৰিছে(Zubeen controversy in Sivasagar) । জুবিন গাৰ্গে অনুষ্ঠানটোত উপস্থিত থকা হাজাৰ হাজাৰ অনুৰাগীক হতাশ কৰিছে বুলি উল্লেখ কৰি উদ্যোক্তাসকলে কয় যে জুবিন গাৰ্গে মঞ্চ ত্যাগ কৰাৰ পাছতো উদ্যোক্তাসকলে জুবিন গাৰ্গ থকা হোটেললৈ গৈ তেওঁক পুনৰ অনুষ্ঠান পৰিৱেশনৰ বাবে আহ্বান জনাইছিল । কিন্তু পইচা ঘূৰাই দিয়াৰ কথা কৈ জুবিন গাৰ্গে তেওঁলোকক বিমুখ কৰি ওভতাই পঠাই বুলি উল্লেখ কৰে ।  

তেওঁলোকে লগতে কয় যে জুবিন গাৰ্গৰ পৰা এনে অশিল্পীসুলভ আচৰণ উদ্যোক্তাসকলে কোনো কাৰণতেই আশা কৰা নাছিল । এগৰাকী জনপ্ৰিয় শিল্পীৰ এনে আচৰণে নতুন প্ৰজন্মক কি পথ দেখুৱাব তাক লৈয়ো উদ্যোক্তাসকল চিন্তিত হৈ পৰা বুলি উল্লেখ কৰে । লগতে শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বৰ্ডিং খেলপথাৰ যি ঘটনা সংঘটিত হ'ল, সেয়াই জুবিন গাৰ্গৰ অনাগত দিনত শেষ ঘটনা হিচাপে বিবেচিত হওক বুলি আহ্বান জনাই উদ্যোক্তাসকলে (Zubeen Garg in controversy) ।  

উল্লেখ্য যে, মঙলবাৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ উদ্যোগত অনুষ্ঠিত হৈ থকা প্ৰতিভা সন্ধানীৰ প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান আয়োজন কৰা হৈছিল শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত । য'ত নিমন্ত্ৰণ কৰা হৈছিল শিল্পী দ্বিজেন গগৈ আৰু মানস ৰবিন আৰু জুবিন গাৰ্গক । সেই অনুসৰি জুবিন গাৰ্গ শিৱসাগৰত উপস্থিত হৈ অনুষ্ঠান পৰিৱেশন কৰিবলৈ মঞ্চত উঠিয়েই মাত্ৰ এটি গীতৰ কলি গাই গান গাবলৈ মন যোৱা নাই বুলি কৈ মঞ্চ ত্যাগ কৰে(Zubeen left stage in Sivsagar) । যাকলৈ সমগ্ৰ ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । 

লগতে পঢ়ক: Jal Jeevan Mission in Kalgachia : জল জীৱন মিছনৰ নামত কলগাছিয়াত বিয়াগোম দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.